৮ ৰাজ্যৰ কৃষ্টি-সংস্কৃতিৰে উজলিল মেঘালয়ৰ বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়

৮ ৰাজ্যৰ কৃষ্টি-সংস্কৃতিৰে উজলিল মেঘালয়ৰ বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়

author-image
asomiyapratidin
New Update
৮ ৰাজ্যৰ কৃষ্টি-সংস্কৃতিৰে উজলিল মেঘালয়ৰ বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়

ডিজিটেল সংবাদ, গুৱাহাটীঃ মেঘালয়ৰ বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়ত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ষষ্ঠতম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছত শনিবাৰেও অনুষ্ঠিত হয় বহু আকৰ্ষণীয় অনুষ্ঠান। শনিবাৰে দেশৰ বহুকেইজন আগশাৰীৰ সমাজ সেৱক, ৰাজনৈতিক নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় যুৱ সমাজ, ৰাজনীতি আৰু দুৰ্নীতিৰ ওপৰত আলোচনা চক্ৰ। এই আলোচনা চক্ৰত বক্তা হিচাবে ভাগ লয় যুৱ নেতা তথা সমাজকৰ্মী হাৰ্দিক পেটেল, এন এছ ইউ আইৰ ইনচার্জ তথা সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সহকাৰী সম্পাদিকা ৰুছি গুপ্তা, গুজৰাটৰ বিধায়ক জিগনেশ মেৱানি, বিজেপিৰ যুৱ- মৰ্চাৰ নেতা তথা বিজেপিৰ ৰাষ্ট্ৰীয় মেডিয়া ইনচার্জ ৰোহিত চাহল, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। আটাইকেইজন লোকে যুৱ চামক ৰাজনীতিৰ ক্ষেত্ৰত লবলগীয়া পদক্ষেপ তথা দেশৰ ৰাজনীতি ব্যৱস্থাত দেখা দিয়া দুৰ্নীতি সম্পৰ্কে বক্তব্য ৰাখে।

অতি কম সময়ৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হোৱা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ আৰ কে গোস্বামী তথা আচাৰ্য মেহবুবুল হকক প্ৰশংসা কৰি আৰম্ভ কৰা তেওঁৰ বক্তব্যত দেশত দেখা দিয়া দুৰ্নীতিৰ বিষয়ে বিভিন্ন দিশ আৰু চৰকাৰৰ কৰ্মৰাজীৰ বিশ্লেষণ দাঙি ধৰি এক সাৰুৱা ভাষণ আগবঢ়ায়।

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধা জনাই তেওঁ কয় যে, দেশৰ যুৱ চামে মাত্ৰ হোৱাটছএপতে পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে কেতিয়া প্ৰতিশোধ ল'ব বুলি ভাবি থাকিলেই সমস্যাৰ সমাধান নহয়। ভাৰতৰ সৈন্য বাহিনীক পূৰ্ণ ৰূপত ইয়াৰ বাবে প্ৰস্তুত কৰিবলৈ চৰকাৰক হেঁচা দিব লাগিব। বৰ্তমানৰ প্ৰধানমন্ত্ৰী এসময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁ কোনো ঠাইলৈ যোৱাৰ পূৰ্বে ৰাস্তাত পঞ্চাশবাৰ মান সংবাদ মাধ্যম, আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিছিল। কিন্তু আমাৰ দেশৰ সৈনিক সকল যিটো ৰাস্তাৰে গৈছিল সেই ৰাস্তাৰ ক্ষেত্ৰত চোৰাংচোৱাই সতৰ্ক হৈ থাকিবলৈ কোৱাৰ পাছতো তাত মন দিয়া নহ'ল। পাকিস্তানক ভুল বুলি কোৱাৰ পূৰ্বে আমাৰ চৰকাৰখনৰ ভুল আছে। চাওক তেওঁৰ মন্তব্যৰ সেই ভিডিঅ'

তেওঁ লগতে যুৱ ৰাজনীতিকৰ উদাহৰণ দিবলৈ গৈ কয়, 'ময়ো গুজৰাটৰ পৰা আহিছো। কিন্তু মই মোডী আৰু অমিত শ্বাহে উপস্থাপন কৰিব বিচৰা সেই গুজৰাটখনৰ পৰা অহা নাই। মই গান্ধীয়ে য'ত জন্মগ্ৰহণ কৰিছিল, সেইখন গুজৰাটৰ পৰাহে আহিছো। গুজৰাটৰ পৰা আহিছো মানে এইটো নহয় যে মই মিচা কথা কম। যুৱ ৰাজনীতি সেয়া নহয়, য'ত এজন মুছলমানৰ ছাত্ৰৰ সৈতে চেল্ফী লৈ ছ'চিয়েল মিডিয়াত দিলেই কোনো লোকে দেশদ্ৰোহী বুলি মন্তব্য কৰে। জাতি, ধৰ্মৰ বিভেদক এৰাই চলিলেহে প্ৰকৃততে যুৱ ৰাজনীতি কৰিব পাৰি।'

হাৰ্দিক পেটেলে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ আহিছো বুলি কৈ কয় যে, ইউ এছ টি এমৰ যি সাংস্কৃতিক শোভাযাত্ৰা হ'ল, তাত প্ৰতিফলিত হোৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহে সকলোকে আকৰ্ষিত কৰিছে। বিধানসভা বা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা বয়সৰ কথা কৈ তেওঁ কয় যে যদিহে পঞ্চায়তত ২১ বছৰ বয়সতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰি, তেন্তে বিধানসভাত কিয় নোৱাৰি?

গুজৰাটৰ বিধায়ক জীগনেশ মেৱানীয়ে অনুষ্ঠানত বক্তব্য ৰাখি কয় যে দেশত বিভাজন আনিবৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিছিল চৰকাৰে। দেশত শাসনৰ নামত দুৰ্নীতিৰ আশ্ৰয় লৈছে বুলি অভিযোগ উত্থাপন কৰি জীগনেশ মেৱানীয়ে কয় যে মোডীৰ দেশত অনিল আম্বানী থাকে ২৮ মহলীয়া ঘৰত, কিন্তু অনিল আম্বানীৰ ঘৰ বনোৱাসকল থাকে জুপুৰীত। দেশৰ ১ শতাংশ লোকৰ হাততেই ৭৩ শতাংশ ধন আবদ্ধ হৈ থকা বুলি বিস্ফোৰক অভিযোগ কৰি জীগনেশ মেৱানীয়ে দেশৰ পৰিৱৰ্তন কেনেকৈ সম্ভৱ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি বিজেপি নেতা ৰোহিত চাহল, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, এন এছ ইউ আইৰ নেত্ৰী ৰুচী গুপ্তাইও বক্তব্য আগবঢ়ায়। প্ৰফুল্ল কুমাৰ মহন্তই দেশৰ শাসন ব্যৱস্থা, ৰাজনীতি ইত্যাদি সকলো দিশতেই ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে। বিজেপি নেতা ৰোহিত চাহলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ বাবে কৰা কামৰ খতিয়ান দাঙি ধৰে। চাওক সেই ভিডিঅ'-

দ্বিতীয় দিনা আলোচনা চক্ৰৰ লগতে অনুষ্ঠিত হোৱা আন কেইবাটাও প্ৰতিযোগিতা পুৱা ৭ বজাৰ পৰা আৰম্ভ হয়। ফটোগ্ৰাফী প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা, ভলীবল, ফুটবল, ক্ৰিকেট, বেডমিন্টন, কাবাডী ইত্যাদি প্ৰতিযোগিতাৰ পিছতে আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰা। উত্তৰ পূৰ্বৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হয় এই সাংস্কৃতিক শোভাযাত্ৰা। ভাৰতীয় লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডি পি আগৰৱালে পুৱা প্ৰায় ৯.৩০ বজাত শুভাৰম্ভ কৰা এই আকৰ্ষণীয় শোভাযাত্ৰাত দেখুওৱা হয় ৮খন ৰাজ্যৰ কৃষ্টি-সংস্কৃতি, সাজপাৰৰ লগতে বিভিন্ন পৰম্পৰা। বিভিন্ন পৰম্পৰাগত সাজপাৰেৰে সু-সজ্জিত শিক্ষাৰ্থীসকলৰ এই শোভাযাত্ৰাই সকলোৰে দৃষ্টি হৰণ কৰে।

ইউএছটিএমৰ খানাপাৰাস্থিত চৌহদৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাত ভাগ লয় প্ৰায় কেইবাহাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ প্ৰধানতঃ ৩০০ বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৩ দিনীয়া এই কাৰ্যসূচীত পৰ্যায়ক্ৰমে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু চিকিম ইত্যাদি ৰাজ্যৰ ছাত্র-ছাত্ৰীসকলে নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰি নিজ নিজ ৰাজ্য তথা অঞ্চলত প্ৰচলিত কৃষ্টি-সংস্কৃতি, প্ৰচলিত ৰীতি-নীতি ইত্যাদি বিভিন্ন মাধ্যমেৰে তুলি ধৰে।

বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে আদিম মানৱৰ সাজপাৰ, অসমীয়া বিহু, বিয়া, বড়োসকলৰ বাথৌ পূজা, সাজপাৰ, ভাওনা, টাই আহোমৰ ৰীতি-নীতি, নগা সকলৰ ৰীতি-নীতি, ঢকুৱাখনাৰ ৰেচম শিল্প, যৌতুক প্ৰথা, কন্যা শিশু জন্ম দিয়াক লৈ অতীজত সৃষ্টি হোৱা অন্ধ বিশ্বাস, সত্ৰীয়া সংস্কৃতি, নামনি অসমৰ দৌলোৎসৱ, জিকিৰ, ভূঁই ৰোৱা, বিভিন্ন সম্প্ৰদায়ৰ বিবাহৰ নিয়ম, থলুৱা বাদ্য ইত্যাদিসমূহ দাঙি ধৰে।

সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই আন কেইবাটাও প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় বিশ্ববিদ্যালয়খনত।

দেওবাৰে অৰ্থাৎ অন্তিম দিনা মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল আৰ এছ মুচাহাৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব পুৰস্কাৰ বিতৰণী অনুষ্ঠান। উল্লেখ্য যে, প্ৰতিযোগিতাত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰৰ বাবে ১০ লাখ ধাৰ্য্য কৰিছে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই। বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক প্ৰদান কৰা হ'ব মানপত্ৰৰ লগতে দুচকীয়া বাহন, লেপটপ, টেবলেট, ম'বাইল ফোন, নগদ ধন ইত্যাদি।