/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/meghalaya-ugrapanthi-2-face-picxxx.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ জোৰডাঙ্গা গাঁৱৰ চাৰিজন ব্যৱসায়ী সহ মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ মহেন্দ্ৰগঞ্জৰ আন এগৰাকী ব্যৱসায়ীসহ ৫ গৰাকী ব্যৱসায়ীক মেঘালয়ৰ উগ্ৰপন্থীয়ে অপহৰণ কৰাৰ বিপৰীতে সোমবাৰে এজন ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে বৰ্তমানে মানকাচৰৰ একাংশ নিবনুৱা যুৱকে মেঘালয়ৰ পৰা তামোল ক্ৰয় কৰি অসমত ব্যৱসায় কৰি উপাৰ্জনৰ পথ বাছি লৈছে। সেই উদ্দেশ্যে দুই এদিনৰ মূৰে মূৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ গৈ তামোল ক্ৰয় কৰি গাড়ী ভৰ্তি কৰি আনি অসমত চিকনি বনাই বিক্ৰী কৰে। এই সুযোগ লৈ মেঘালয়ৰ গাৰো উগ্ৰপন্থীয়ে এনে ব্যৱসায়ীক অপহৰণ কৰি লাখ লাখ টকা দাবী কৰাৰ লগতে ব্যৱসায়ী সকলৰ পৰিয়ালৰ পৰা ধন লৈও হত্যা কৰি আহিছে।
তেনে আন এক ঘটনা পুনৰবাৰ সংঘটিত হল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত। জিলা খনৰ খেৰাপাৰা নামৰ ঠাইখনত তামোল কিনিবলৈ যোৱা দুদিন পূৰ্বে মানকাচৰ থানা এলেকাৰ জোৰডাঙ্গা গাঁৱৰ ফকিৰচান্দৰ পুত্ৰ ৰহিদুল ইছলাম, জহিৰুল ইছলামৰ পুত্ৰ নুৰ আজিজ সহ আন দুই গৰাকী ব্যৱসায়ী আৰু মেঘালয়ৰে মহেন্দ্ৰগঞ্জ থানা এলেকাৰ লুকাইচৰ গাঁৱৰ মনোৱাৰ হুছেইন নামৰ ব্যৱসায়ী জন পদৰ্পন কৰে মেঘালয়ত।
জানিব পৰা মতে, পুৱাই ঘৰৰ পৰা মেঘালয়লৈ যোৱাৰ পাছত পূৰ্বৰ পৰা খাপ পিটি থকা গাৰো উগ্ৰপন্থীয়ে অপহৰণ কৰে ব্যৱসায়ী কেইজনক। উক্ত ব্যৱসায়ী কেইজনৰ এজনৰ লগত দুই লাখ, আন এজনৰ লগত পাঁচ লাখ টকা থকাৰ বিপৰীতে মনোৱাৰ হুছেইনৰ লগত আছিল ৯ লাখ টকা। সমস্ত ধন উগ্ৰপন্থীয়ে কাঢ়ি নিয়াৰ উপৰিও আৰু দহ লাখ কৈ টকা প্ৰতিজন ব্যৱসায়ীৰ পৰা উগ্ৰপন্থীয়ে দাবী কৰা বুলিও জনা গৈছে।
ইয়াৰ মাজতেই সোমবাৰে পুৱাৰ ভাগত খেৰাপাৰা পাহাৰৰ মাজত ৰহিদূৰ ইছলামৰ মৃতদেহ উদ্ধাৰ হয়। সম্প্ৰীতি মৃতদেহটি মেঘালয়ৰ তুৰা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ পৰিয়ালৰ লোকক চমজাই দিয়াৰ ব্যৱস্থা লৈছে। বাতৰি লিখা পৰলৈকে বাকী চাৰিজন ব্যৱসায়ীৰ কোনো সন্ধান ওলোৱা নাই যদিও বাকী চাৰিজনক উদ্ধাৰৰ বাবে অসম তথা মেঘালয়ৰ প্ৰশাসনে উদ্ধাৰ কৰিব লাগে বুলি স্থানীয় ৰাইজে দাবী তুলিছে।
এই ঘটনাৰ লগত কোনটো উগ্ৰপন্থী সংগঠন জড়িত হৈ আছে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মেঘালয়ত হোৱা এনে ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মন কৰিবলগীয়া যে যোৱা প্ৰায় তিনি বছৰ পূৰ্বে মেঘালয়ৰ বিশেষকৈ গাৰো পাহাৰ জিলাত অসমীয়া লোকক অপহৰণ কৰি মেঘালয়ৰ উগ্ৰপন্থীয়ে এক সন্ত্ৰাস সৃষ্টি কৰি আহিছিল।
কিন্তু মেঘালয়ৰ মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে অসমীয়া লোকৰ হেঁচা আৰু অসহযোগীতা আন্দোলনৰ ফলত উগ্ৰপন্থীৰ সমস্যা প্ৰায় বন্ধ হৈ পৰিছিল। পুনৰ যোৱা এটা সপ্তাহ ধৰি এনে উগ্ৰপন্থীৰ সমস্যা দেখা দিয়াত অসমীয়া ব্যৱসায়ী সকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছে। একাংশ জনে এতিয়াৰ পৰাই মেঘালয়ত ব্যৱসায় বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে।