/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/MEGFA.jpg)
ডিজিটেল সংবাদ, শ্বিলংঃ বিগত কেইদিনমানৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়ত অব্যাহত আছে 'কা' বিৰোধী 'কা' সমৰ্থকৰ মাজত সংঘৰ্ষ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্বিলঙত সান্ধ্য আইন জাৰি কৰাৰ লগতে ৫ জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/413289a2-4a09-431e-a19f-7357de982e00.jpg)
শুকুৰবাৰে দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষত খাছি ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মীৰ মৃত্যু হয়। 'কা' আৰু ইনাৰ লাইন পাৰ্মিটক লৈ শুকুৰবাৰে চোহৰাৰ চেলা নামৰ ঠাইত এখন সভা অনুষ্ঠিত হৈছিল। এই সভাতে অ-জনজাতীয় আৰু সন্দেহজনক বহিৰাগতৰ এটা দলে দা, কটাৰী আৰু লাঠি লৈ 'কা' বিৰোধীসকলৰ ওপৰত আক্ৰমণ চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/4b612df4-48f4-407e-a3f8-57956a76f180.jpg)
এই আক্ৰমণতে আহত খাছি ছাত্ৰ সন্থাৰ কৰ্মীজনৰ পিছত চিকিৎসালয়ত মৃত্যু হয়। এই ঘটনাৰ পিছতে সমগ্ৰ মেঘালয়ত উত্তেজনা বিয়পি পৰে। পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত জিলা প্ৰশাসনে শুকুৰবাৰে নিশা ১০ বজাৰ পৰা শনিবাৰৰ পুৱা ৮ বজালৈ সান্ধ্য আইনো জাৰি কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/a767556a-9faa-450b-a09e-d4285b1b9350.jpg)
তদুুপৰি ৫ জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল। এটা সূত্ৰৰ মতে শুকুৰবাৰে চেলাত 'কা' আৰু আইএলপিৰ বিৰুদ্ধে ইছামাটি গাঁৱৰ সংঘৰ্ষত জনজাতীয় আৰু অ-জনজাতীয় তথা স্থানীয় লোকে অংশ লৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/4f060e76-5f01-488d-9123-7daaae6bea9d.jpg)