এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO

এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO

author-image
asomiyapratidin
New Update
এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO

ডিজিটেল ডেস্কঃ এমাহৰো অধিক সময় অত্যাধুনিক যন্ত্ৰ, এছ ডি আৰ এফ, এন ডি আৰ এফ, নৌ সেনাৰ ডুবাৰু, উড়িশ্যাৰ বিশেষ উদ্ধাৰকাৰী দলৰ অভিযানৰ পাছত মেঘালয়ৰ পূৱ জয়ন্তীয়া পাহাৰৰ সমীপৰ কেছানৰ অবৈধ কয়লাখনিত সন্ধানহীন হোৱা শ্ৰমিকৰ এজনৰ মৃতদেহ উদ্ধাৰ।

উল্লেখ্য যে, যোৱা ১৩ ডিচেম্বৰত অবৈধ কয়লাখনিত সন্ধানহীন হৈছিল ১৩জনকৈ শ্ৰমিক। কিন্তু সন্ধান পোৱা নাছিল শ্ৰমিক কেইজনৰ। অৱশেষত ১৭ জানুৱাৰীৰ পুৱা নৌ সেনাৰ এখন ৰিম'ট চালিত বাহনেৰে কয়লাখনিটোৰ ভিতৰত পানীৰ গভীৰতা উদ্ধাৰ কৰা হয় মৃতদেহটো। চাওঁক কেনেদৰে নৌ সেনাৰ অত্যাধুনিক মেচিনেৰে উদ্ধাৰ হৈছিল মৃতদেহটো। ভিডিঅ'-


— ANI (@ANI) January 17, 2019