মেঘালয়তো লক ডাউন, কিন্তু…

মেঘালয়তো লক ডাউন, কিন্তু…

author-image
asomiyapratidin
New Update
মন কৰিব ৬ বাজিল! আৰম্ভ লকডাউন…

ডিজিটেল সংবাদ, শ্বিলংঃ কোৰোনাক প্ৰতিহত কৰিবলৈ সাজু হৈছে সমগ্ৰ দেশ। সোমবাৰে কেন্দ্ৰৰ নিৰ্দেশত দেশৰ প্ৰায় ১৯ খন ৰা্জ্যত অহা ২৪ মাৰ্চৰ পৰা প্ৰযোজ্য হৈছে লক ডাউন। মেঘালয় চৰকাৰেও ২৪ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ত দুটা দিনৰ বাবে প্ৰযোজ্য কৰিছে লক ডাউন। সোমবাৰে মেঘালয় প্ৰশাসনে সাংবাদিকক অৱগত কৰা মতে, প্ৰথম পৰ্যায়ত ২৪ মাৰ্চ আৰু ২৫ মাৰ্চত সমগ্ৰ মেঘালয়ত লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰ পাছতে ২৬ মাৰ্চ দিনটো মেঘালয়বাসীৰ বাবে নিত্য প্ৰয়োজনীয় বিভিন্ন কাম-কাজ আৰু সামগ্ৰী ক্ৰয়ৰ বাবে পুনৰ লক ডাউন শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পুনৰ ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ মেঘালয়ত লক ডাউন প্ৰযোজ্য কৰাৰ কথা ঘোষণা কৰিছে।

সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক বৈঠকত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীয়ে জনায় যে, প্ৰায় এসপ্তাহৰ বাবে আমি তলা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এই সময়চোৱাত সকলো জনতাৰ সহযোগ থাকিলেহে কোৰোনাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম।'