/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/meghalaya.jpg)
ডিজিটেল ডেস্কঃ বিগত দিন কেইটাত ধাৰাবাহিকভাৱে নেৰানেপেৰা বৰষুণে বিপদ কঢ়িয়াই আনিছে মেঘালয়লৈ। ৰাজ্যখনৰ কেইবাটাও স্থানত নেৰানেপেৰা বৰষুণৰ বাবেই সংঘটিত হৈছে ভূমিস্খলনৰ দৰে ঘটনা। এই ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ খবৰ লাভ কৰা গৈছে।
নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ মুঠ ৭ টাকৈ স্থানত ভূমিস্খলন সংঘটিত হৈছে। এই ভূমিস্খলনৰ ফলত বহু কেইখন বাহন, দোকান, ঘৰ আৰু ৰাজহুৱা সম্পত্তি আদিৰ বিস্তৰ ক্ষতি হৈছে। ইয়াৰ উপৰিও ৰাজ্যখনৰ পূব খাচী পাহাৰ জিলাৰ মাওকিনৰেৱ খণ্ডৰ অন্তৰ্গত মাওলাট গাঁৱত সংঘটিত ভূমিস্খলনৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে। মৃত ব্যক্তি দুজনৰ নাম ৰোহিত চিয়াৰ আৰু দিলবন টাংচাং। তেওঁলোক দুয়ো মাওকিনৰেনৱ অঞ্চলৰ মাজেৰে ভূমিস্খলন হোৱাৰ সময়ত অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱাৰ ফলতেই মৃত্যুক আকোৱালি ল'বলগীয়া হয়।
ক্লিক কৰি পঢ়কঃচিৰাঙৰ ভাৰত-ভূটান সীমান্তত এনকাউণ্টাৰ ! দুই বন্দুকধাৰী দুৰ্বৃত্ত নিহত, আহত অতিৰিক্ত আৰক্ষী অধীক্ষক…
ইফালে আন আন প্ৰান্তত হোৱা ভূমিস্খলনৰ ফলত কেইবাটাও ঘৰ, দুখন দোকান ক্ষতিগ্ৰস্ত হৈছে। থাংবনাই-মাৱলিনগটত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত এটা পথ ক্ষতিগ্ৰস্ত হয় আৰু এখন বাহন উটি যোৱাৰ খবৰ পোৱা গৈছে। লিংছিং গাঁৱত আন এটা ভূমিস্খলনৰ ফলত ৫ টা ঘৰ ধ্বংস হৈছে।