১০ জুলাইৰ পৰা শ্বিলঙত লকডাউন! কিমান সঁচা এই খবৰ…

১০ জুলাইৰ পৰা শ্বিলঙত লকডাউন! কিমান সঁচা এই খবৰ…

author-image
asomiyapratidin
New Update
সূৰ্যগ্ৰহণৰ দিনাই ৰাজ্য জোঁকাৰি গ’ল ভূমিকম্পই…

ডিজিটেল ডেস্কঃ ১০ জুলাইৰ পৰা হ'ব নেকি মেঘালয়ৰ ৰাজধানী শ্বিলঙত লকডাউন। কোৰোনা ভাইৰাছৰ বাবে মেঘালয় চৰকাৰে এনে সিদ্ধান্ত লোৱা বুলি ছ'চিয়েল মিডিয়াত বিয়পিছে খবৰ। কিন্তু কিমান সঁচা এই খবৰ?

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে শ্বিলঙৰ এক উচ্চস্তৰীয় চৰকাৰী সূত্ৰৰে এই সন্দৰ্ভত যোগাযোগ কৰিছিল। গুৱাহাটীৰদৰে শ্বিলঙতো সম্পূৰ্ণ লকডাউন দিব পাৰে বুলি প্ৰচাৰিত খবৰ সন্দৰ্ভত এই সূত্ৰটোৱে জনালে যে এনে কোনো সিদ্ধান্ত মেঘালয় চৰকাৰে এই পৰ্যন্ত গ্ৰহণ কৰা নাই।সূত্ৰটোৱে লগতে এই খবৰক মিছা আখ্যা দিয়ে।