/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/meghalaya-governor_11zon.jpg)
ডিজিটেল ডেস্কঃ মেঘালয়ৰ ৰাজধানী শ্বিলঙত মঙ্গলবাৰে কাৰ্ফিউৰ সময়তে বহু কেইটা হিংসাত্মক ঘটনা সংগঠিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। তাৰমাজতে ৰাজ্যখনৰ ৰাজ্যপাল সত্যপাল মালিকক অসমত থৈ যোৱাৰ পাছতে তেওঁৰ কনভয়ত অচিনাক্ত দুৰ্বৃত্তই শিলেৰে আক্ৰমণ কৰাৰ ঘটনাও পোহৰলৈ আহিছে। ৰাজভৱনৰ এগৰাকী বিষয়াই এই বিষয়ে সদৰী কৰিছে। মন কৰিবলগীয়া যে ৰাজ্যপাল সত্যপাল মালিক সুৰক্ষিতভাৱেই শ্বিলঙৰ পৰা আহি অসমত উপস্থিতি হয় আৰু পোনে পানে দিল্লীলৈ উৰা মাৰে।
মেঘালয়ৰ ৰাজভৱনৰ এগৰাকী বিষয়াই সদৰী কৰা মতে অচিনাক্ত দুৰ্বৃত্তই চহৰখনৰ মাওলাই অঞ্চলত শিলেৰে অসমৰ পৰা উভতি অহা কনভয়ত আক্ৰমণ কৰিছিল। এই আক্ৰমণত কনভয়ৰ একাধিক গাড়ী ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে কোনো লোক হতাহত হোৱা নাই।
উল্লেখ্য যে মেঘালয়ত বিগত ১৩ আগষ্টত আৰক্ষীৰে হোৱা এক সংঘৰ্ষত প্ৰাক্তন উগ্ৰপন্থী নেতাৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে ১৫ আগষ্টত শ্বিলঙৰ মাওলাই আৰু জয়া অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হৈছে। যাৰ বাবে ৰাজ্যখনত কৰ্ফিউ জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীৰে সংঘৰ্ষত নিহত হোৱা প্ৰাক্তন উগ্ৰপন্থী নেতা থাংকিভে ২০১৮ চনত আত্মসমৰ্পণ কৰিছি আৰু ১০ আগষ্টত শ্বিলঙত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।
এই আই ই ডি বিস্ফোৰণৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে থাংকিভক আটক কৰিবলৈ তেওঁৰ ঘৰলৈ যোৱাৰ সময়তে তেওঁ আৰক্ষীক চুৰীৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত নিহত হয় বুলি জানিব পৰা গৈছে।