২৩ জুলাইৰ পৰা ৩১ জুলাইলৈ মেঘালয়ৰ সকলো প্ৰৱেশ পথ থাকিব বন্ধ…

২৩ জুলাইৰ পৰা ৩১ জুলাইলৈ মেঘালয়ৰ সকলো প্ৰৱেশ পথ থাকিব বন্ধ…

author-image
asomiyapratidin
New Update
২৩ জুলাইৰ পৰা ৩১ জুলাইলৈ মেঘালয়ৰ সকলো প্ৰৱেশ পথ থাকিব বন্ধ…

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়তো বৃদ্ধি পাইছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অহা ২৩ জুলাইৰ পৰা ৩১ জুলাইলৈ ৰাজ্যখনত প্ৰৱেশ কৰা সকলো পথ বন্ধ ৰখা হ'ব। লগতে ৰাজ্য চৰকাৰে ইষ্ট খাচি হিলছ আৰু ৰি ভই জিলাত কোনো বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।

বুধবাৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনছঙে সাংবাদিকৰ আগত সদৰী কৰে এই কথা। লগতে তেওঁ জনাই যে, বৰ্ণিহাট, ৰাটাচেৰা, বাজেংডবা, টিক্ৰিকিলা, মিৰজুংগা আৰু হালিদিকাণ্ডত থকা প্ৰৱেশ পথসমূহো বন্ধ কৰা হ'ব এই সময়খিনিৰ বাবে। কোভিড-১৯ৰ এই সংকটৰ সময়ত অবিৰতভাৱে কাম কৰা স্বাস্থ্য কৰ্মী আৰু অত্যাৱশ্যকীয় সেৱাৰে জড়িত কৰ্মচাৰীসকলক কিছু সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

তদুপৰি, বৰ্তমান সময়ত ৰাজ্যৰ যিসকল লোক বাহিৰত আছে তেওঁলোকে প্ৰৱেশ পথসমূহ বন্ধ কৰাৰ পূৰ্বে মেঘালয়লৈ ঘূৰি অহাৰ বাবে অনুৰোধ জনায় উপ মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ইষ্ট খাচি হিলছত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২৬১জনলৈ আৰু ৰিভয়ত ২২জনলৈ বৃদ্ধি পাইছে।