/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/MANKACHAR-DACOIT.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰীৰ চিবিনাঙত মঙলবাৰে নিশা এজন ব্যৱসায়িক দুজনীয়া দুৰ্বৃত্তৰ দল এটাই পিষ্টল দেখুৱাই অপহৰণ কৰিবলৈ আহে যদিও অপহৰণ কৰাত ব্যৰ্থ হোৱাৰ ফলত ব্যৱসায়ীজনৰ ভৰিত গুলী চালনা কৰি ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তই পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ফুলবাৰী থানা এলেকাৰ কালাপানী গাঁৱৰ শাহা আলম আকন্দ আৰু তেওঁৰ পুত্ৰ ৰেহান আকন্দ নামৰ ব্যৱসায়ী দুজনে যোৱা নিশা প্ৰায় ৯ বজাত দোকান বন্ধ কৰি ঘৰলৈ উভতি গৈ আছিল। ঠিক সেই সময়ত বাইক যোগে দুজনীয়া দুৰ্বৃত্তৰ দল এটা পিষ্টল লৈ পিতা পুত্ৰক আগভেটি ধৰে।
পুত্ৰৰ হাতত থকা প্ৰায় দুই লাখ টকাৰ মোনা কাঢ়ি নিবলৈ চেষ্টা কৰাৰ উপৰিও তেওঁক অপহৰণৰ বাবে টনা আজোৰা কৰে। নম্বৰবিহীন বাইক যোগে অহা অপহৰণকাৰী দুজনে হিন্দী চিনেমাৰ কায়দাৰে বলপূৰ্বক অপহৰণৰ চেষ্টা কৰে যদিও পিতা পুত্ৰৰ হাতত পৰাস্ত হোৱা অপহৰণকাৰীয়ে অৱশেষত পুত্ৰৰ ভৰিত গুলীচালনা কৰে। ৰেহান নিজকে ৰক্ষা কৰিবলৈ গৈ ভাগ্যবশত ভৰিৰ তলত গুলী লগাত প্ৰাণ ৰক্ষা পৰে।
ইফালে ঘটনাস্থলীত হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হোৱাত আন একাংশ লোক আহি ভীৰ কৰিবলৈ ধৰাত সুযোগ বুজি দুয়ো বাইক যোগে পলায়ন কৰে। ইফালে আহত ৰেহানক ততাতৈয়াকৈ গুৱাহাটী মেডিকেল হাস্পতাললৈ নিয়া হয় বুলি জানিবলৈ পোৱা গৈছে। মন কৰিবলগীয়া যে কিছুমান পূৰ্বে এই অঞ্চলত অপহৰণকাৰীৰ দল এটা আহি ব্যৱসায়ী এজনক অপহৰণৰ চেষ্টা কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰিছিল দুজনীয়া দুৰ্বৃত্তৰ দল।
ফলত ৰাইজে গণ প্ৰহাৰ কৰাৰ প্ৰাণ হেৰুৱাইছিল উক্ত অপহৰণকাৰী দুজনে। কিন্তু ইমানৰ পাছতো অঞ্চলটোৰ ব্যৱসায়ীক এইদৰে দুৰ্বৃত্তই কি সাহসত অপহৰণ কৰিবলৈ আহে সেয়া চিন্তাৰ বিষয়। আনহাতে ঘটনাৰ পাছতেই মেঘালয়ৰ ফুলবাৰী আৰক্ষীৰ দল এটা আহি দুস্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। কিন্তু বুধবাৰে প্ৰায় ২০ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই।