বনকৰা নাবালিকাক ধৰ্ষণৰ অপৰাধত ২৫ বছৰৰ কাৰাদণ্ড প্ৰাক্তন বিধায়কক…

বনকৰা নাবালিকাক ধৰ্ষণৰ অপৰাধত ২৫ বছৰৰ কাৰাদণ্ড প্ৰাক্তন বিধায়কক…

author-image
asomiyapratidin
New Update
বনকৰা নাবালিকাক ধৰ্ষণৰ অপৰাধত ২৫ বছৰৰ কাৰাদণ্ড প্ৰাক্তন বিধায়কক…

ডিজিটেল ডেস্কঃ বনকৰা নাবালিকাক ধৰ্ষণৰ অপৰাধত ২৫ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হৈছে মেঘালয়ৰ প্ৰাক্তন বিধায়ক জুলিয়াছ দৰফাং। নিজ ঘৰত ১৪ বৰ্ষীয় বনকৰা নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছে মেঘালয়ৰ প্ৰাক্তন বিধায়কজন।

Advertisment

উল্লেখ্য যে, পকছো আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰা জুলিয়াছ দৰফাং এইছ এন এল এফ উগ্ৰপন্থী সংগঠনৰ এগৰাকী আত্মসমৰ্পণকাৰী নেতা। ২০০৭ চনত সংগঠনটোৰ পৰা আত্মসমৰ্পণ কৰাৰ পাছতে তেওঁ ২০১৩ চনত মেঘালয়ৰ মাওহাটী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

বিধায়ক হৈ থকাৰ সময়তে ২০১৭ চনত জুলিয়াছৰ বিৰুদ্ধে বনকৰা নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই সময়ত তেওঁ আৰক্ষীৰ পৰা বাছিবলৈ মেঘালয়ৰ পৰা পলায়নো কৰিছিল। ইয়াৰ পাছত মেঘালয়ৰ আৰক্ষীয়ে জুলিয়াছক গুৱাহাটীৰ আই এছ বি টিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

২০১৭ চনতে উত্থাপিত সেই অভিযোগৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰি পকছো আদালতে সুদীৰ্ঘ সময়ৰ পাছত জুলিয়াছক দোষী সাব্যস্ত কৰি ২৫ বছৰৰ বাবে কাৰাদণ্ড বিহিছে।