আজি মেঘালয়ৰ দুই বিধানসভা সমষ্টিত উপ-নিৰ্বাচন

আজি মেঘালয়ৰ দুই বিধানসভা সমষ্টিত উপ-নিৰ্বাচন

author-image
asomiyapratidin
New Update
আজি মেঘালয়ৰ দুই বিধানসভা সমষ্টিত উপ-নিৰ্বাচন

ডিজিটেল ডেস্কঃ মেঘালয়ত আজি অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। মেঘালয় বিধানসভাৰ দক্ষিণ তুৰা সমষ্টি আৰু ৰাণীকোৰ সমষ্টিত পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

দুপৰীয়া ১ বজালৈকে ৰাণীকোৰ সমষ্টিত ৪৬.৮৯ শতাংশ আৰু দক্ষিণ তুৰা সমষ্টিত ৪৮ শতাংশ ভোটদান হৈছে। উল্লেখযোগ্য যে, এই সমষ্টি দুটাৰ পৰা নিৰ্বাচিত বিধায়ক ক্ৰমে- মাৰ্টীন এন ডাংগো আৰু আগাথা চাংমাই পদত্যাগ কৰাৰ পাছতেই পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়।