/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/Conrad.jpg)
ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ৰ উপ-নিৰ্বাচনত বৃহৎ ব্যৱধানাত জয়ী হৈছে এনপিপি প্ৰাৰ্থী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা। তুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা কনৰাডে তেওঁৰ নিকট প্ৰতিদ্বন্দী কংগ্ৰেছৰ চাৰ্লট ডব্লিউ মমিনক ৮,৪০০ ৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
এই জয়ৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসন সুৰক্ষিত ৰাখিবলৈ সমৰ্থ হয় প্ৰয়াত পি এ চাংমাৰ পুত্ৰজনে। চাংমা পুত্ৰই লাভ কৰে সৰ্বমুঠ ১৩,৬৫৬টা ভোট।
অৱশ্যে ৰাণীকৌৰ সমষ্টিত পৰাজয় বৰণ কৰে কংগ্ৰেছৰ পৰা এনপিপিত যোগদান কৰা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ মাৰ্টিন ডাংগো। ইউ ডি পিৰ পিউয়াছ মাৰবিনৰ হাতত পৰাস্ত হয় দল বাগৰা নেতাগৰাকী।
উল্লেখ্য যে, যোৱা ৬ মাৰ্চত দ্বাদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা কনৰাড আছিল ৬০ জনীয়া আসনৰ মেঘালয় বিধানসভাৰ অ-নিৰ্বাচিত সদস্য। সেয়ে সদস্যপদ অটুত ৰাখিবৰ বাবে কনৰাডক তুৰা সমষ্টিতো এৰি দিছিল জ্যেষ্ঠ ভগ্নী আগাথা চাংমাই।