প্ৰতি বুধবাৰে খোজকাঢ়ি যাম কাৰ্যালয়লৈ, ‘ফিট ইণ্ডিয়া ম’ভমেণ্ট’ক সমৰ্থন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা

প্ৰতি বুধবাৰে খোজকাঢ়ি যাম কাৰ্যালয়লৈ, ‘ফিট ইণ্ডিয়া ম’ভমেণ্ট’ক সমৰ্থন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা

author-image
asomiyapratidin
New Update
প্ৰতি বুধবাৰে খোজকাঢ়ি যাম কাৰ্যালয়লৈ, ‘ফিট ইণ্ডিয়া ম’ভমেণ্ট’ক সমৰ্থন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা

ডিজিটেল সংবাদ, শ্বিলংঃ 'নিৰোগী হৈ থকাৰ বাবে প্ৰতিজন লোকে অন্তত এদিন কাৰ্যালয়লৈ খোজকাঢ়ি যাব লাগে। সেইবাবেই মই সপ্তাহত এদিন খোজকাঢ়ি যাবলৈ সিদ্ধান্ত লৈছো।' বৃহস্পতিবাৰে 'ফিট ইণ্ডিয়া ম'ভমেণ্ট'ক সমৰ্থন কৰি বাসগৃহৰ পৰা কাৰ্যালয়লৈ খোজকাঢ়ি আহি মেঘালয়ৰ মুথ্যমন্ত্ৰী কণৰাড চাংমাই কৰে এই মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা এই অভিযানত ৰাজ্যবাসীক সমৰ্থন জনাবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

খোজকাঢ়ি কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী কণৰাড চাংমা।

মাত্ৰ স্বাস্থ্য ভালে ৰখাই নহয়, এই কাৰ্যই প্ৰতিজন লোকৰ খৰচৰ পৰিমাণ হ্ৰাস কৰিব বুলিও মন্তব্য কৰি কণৰাড চাংমাই কয়, 'খোজকাঢ়ি যোৱাৰ বহুত উপকাৰিতা আছে। এই কাৰ্যৰ বাবে যানবাহনৰ পৰা নিৰ্গত হোৱা ধোৱাৰ পৰিমাণ কমাৰ লগতে যান জটঁ হ্ৰাস পায়।'

খোজকাঢ়ি কাৰ্যালয়লৈ।

দেশৰ সুন্দৰ ভৱিষ্যতৰ বাবে প্ৰতিজন লোকে সজাগ হোৱাৰ প্ৰয়োজন আছে। এখন সুন্দৰ শ্বিলং লাভ কৰিলেহে মেঘালয়খনো প্ৰদূষণ মুক্ত হ'ব। যাৰ দ্বাৰা দেশখন প্ৰদূষণৰ পৰা কিছু পৰিমাণে হ'লেও মুক্ত কৰি ৰাখিব পৰা যাব বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে 'ডব্লিউ ডব্লিউ ডব্লিউ' আৰ্হিত এক অভিযান আৰম্ভ কৰাৰ কথাও কয়। 'ডব্লিউ ডব্লিউ ডব্লিউ' মানে হৈছে 'ৱাক টু ৱৰ্ক অন ৱেডনাছডে'। যি অভিযানত তেওঁ সপ্তাহৰ প্ৰতিটো বুধবাৰে কাৰ্যালয়লৈ খোজকাঢ়ি যাব।

নিশা কাৰ্যালয়ৰ পৰা ঘৰলৈ খোজকাঢ়ি কণৰাড চাংমা।

ইফালে সকলো কাৰ্যালয়ৰ কৰ্মচাৰী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক তেওঁ এই অভিযানত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই। যিসকল লোকে এই কাৰ্যত সমৰ্থন কৰিব সেইসকল বহুতো লাভৰ সন্মুখীন হ'ব। তেওঁলোকৰ স্বাস্থ্যও ভাল হৈ থাকিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।