/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/23fdb78f-c171-4464-91eb-51154f5f9e7f.jpg)
ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই শুকুৰবাৰে শুভাৰম্ভ কৰে শ্বিলং হেৰিটেজ ৱাকৰ। ৱাৰ্ডছ হ্ৰদৰ পৰা ৰাজভৱন হৈ পাইনউড হোটেল লৈকে যাব এই শ্বিলং হেৰিটেজ ৱাক। শুভাৰম্ভণি কৰিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বন বিভাগ আৰু পৰ্যটন বিভাগক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ কয় যে, শ্বিলং হেৰিটেজ ৱাকক আৰু সংগঠিত আৰু সুন্দৰকৈ গঢ়ি তুলিব লাগিব যাতে পৰ্যটকসকলে শ্বিলঙৰ সৌন্দৰ্য চাব পাৰে। পৰৱৰ্তী সপ্তাহৰ পৰা এই শ্বিলং হেৰিটেজ ৱাক নামৰ পথটো ৰাইজ আৰু পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/f8bc2267-c3d0-4e73-aba5-556ab2782d75.jpg)
শ্বিলং হেৰিটেজ ৱাকেৰে যাত্ৰা কৰিলে কোনো লোকে দেখিবলৈ পাব আৰ্ল চানাতৰিয়াম, খিনদাইলাড, মেঘালয় বিধানসভা, ব্ৰহ্ম সমাজ, প্ৰিছবেটেৰিয়ান গীৰ্জা, লেজিছলেটিভ কাউন্সিল বিল্ডিং, শ্বিলং ক্লাৱ, চেক্ৰেটেৰিয়েট হিলছ, পি ডব্লিউ ডি কুৱাৰ্টাৰ, অল চেইন্টছ গীৰ্জা, ৰাজভৱন, পাইনউড হোটেল আৰু ৱাৰ্ড লেক।