/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/e69ca0f8-4232-4ef0-bfe5-41352df48a89.jpg)
ডিজিটেল সংবাদ, শ্বিলংঃ চেৰাপুঞ্জীৰ চহৰাস্থিত ৰামকৃষ্ণ মিচনৰ সৌভাগ্যবান এক কিশোৰ ছাত্ৰ। নাম তেওঁৰ ৰিবাইট ফাৱা। এইগৰাকী ছাত্ৰই অহা ৭ ছেপ্তেম্বৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়া চন্দ্ৰযান-২ৰ অৱতৰণ পৰ্বৰ সমষ্ট দৃশ্যৰাজী উপভোগ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ বিজ্ঞানীসকলৰ লগতে স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে।
এন চি চিৰ শ্বিলং গ্ৰুপৰ কেডাৰ এই সৌভাগ্যবান দশম শ্ৰেণীৰ ছাত্ৰ গৰাকীক ইতিমধ্যে ইছৰ'ৱে মহাকাশ অধ্যয়ণ প্ৰযু্ক্তি বিষয়ত অনুষ্ঠিত কৰা এলানী সৰ্বভাৰতীয় কুইজ প্ৰতিযোগিতাৰ মাধ্যমত শ্ৰেষ্ঠত্ব অৰ্জন কৰি চন্দ্ৰযানৰ অৱতৰণৰ বিৰল মুহুৰ্ত এনেদৰে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে। বাংগালুৰুত থকা ইছৰ'ৰ সদৰৰ পৰা প্ৰধানমন্ত্ৰী আৰু মহাকাশ গৱেষক সকলৰ সৈতে একেলগে বহি ছাত্ৰগৰাকীয়ে সমষ্ট দৃশ্য উপভোগ কৰাৰ সুযোগ লাভ কৰিছে। উল্লেখ্য যে, যোৱা ২২ জুলাইত সতীশ ধৱন স্পেচ চেন্টাৰৰ দ্বিতীয় উৎক্ষেপন ক্ষেত্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল চন্দ্ৰযান-২য়ে আৰু অহা ৭ ছেপ্তেম্বৰত চন্দ্ৰপৃষ্ঠত ই অৱতৰণ কৰিব পাৰিব বুলি ইতিমদ্যে বিজ্ঞানী সকল নিশ্চিত হৈছে।
সেই মৰ্মেই বিজ্ঞানী সকলৰ বাবে শিহৰণকাৰী সফলতাৰ এই বিৰল দৃশ্য দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে নতুন প্ৰজন্মৰ প্ৰতিভাশালী সিমিত সংখ্যক নিৰ্বাচিত শিক্ষাৰ্থীয়েও যাতে প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবে ইছৰ'ৱে সৰ্বভাৰতীয় স্তৰত আয়োজন কৰিছিল এক বিশেষ কুইজ প্ৰতিযোগিতাৰ। যি প্ৰতিযোগিতাত চেৰাপুঞ্জীৰ এই কিশোৰ ছাত্ৰগৰাকীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।
ইছৰ'ৰ আমন্ত্ৰণ লাভ কৰাৰ পিছত ৰিবাইট ফাৱাই শুকুৰবাৰে কয়, এই ঐতিহাসিক মুহুৰ্ত খোদ প্ৰধানমন্ত্ৰী আৰু প্ৰখ্যাত বিজ্ঞানী সকলৰ সৈতে বহি প্ৰত্যক্ষ কৰাৰ বিৰল সুযোগ লাভ কৰি মই শিহৰীত হৈছো। কিয়নো ইছৰ'ৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা এনেদৰে মহাকাশ যানৰ অৱতৰণৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰাতো মোৰ বাবে কল্পনাৰো অতীত আছিল। ইফালে পাহাৰীয়া ৰাজ্যখনৰ প্ৰতিভাশালী কিশোৰ শিক্ষাৰ্থী এগৰাকীয়ে এনেদৰে সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ মাজেৰে নিজকে দেশৰ শ্ৰেষ্ঠ সৌভাগ্যশালীৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ঘটনাক লৈ তেওঁৰ পৰিয়াল আৰু মেঘালয়বাসীও অতিকৈ আনন্দিত হৈ পৰিছে।