/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3cc5403c-090d-473e-9a0f-0933ff8a97a6/meghalaya_election.jpg)
-
Feb 27, 2023 15:44 IST
ইতিহাস সৃষ্টি হ'ল মেঘালয়ত
বিয়লি ৩ বজালৈ ৬৩.৫৭ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ কৰি ইতিহাস সৃষ্টি কৰিলে মেঘালয়ে
-
Feb 27, 2023 15:26 IST
এন পি পিৰ যুঁজ বিজেপিৰ বিৰুদ্ধে, ক্ষমতাত থকাৰ আশাত বন্দী কনৰাড চাংমা
দিনৰ ১ বজালৈ মেঘালয়ত সম্পূৰ্ণ হ'ল ৪৪.৭৩ শতাংশ ভোটগ্ৰহণ । শাসনাধিষ্ঠ এন পি পি চৰকাৰৰ মূল যুঁজ হ'ব বিজেপিৰ বিৰুদ্ধে । আনহাতে, তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে এক পৰিৱৰ্তন আনিবলৈ চেষ্টা চলোৱা দেখা গৈছে এই নিৰ্বাচনৰ জৰিয়তে...
-
Feb 27, 2023 15:06 IST
মেঘালয়ত সংঘটিত হ'ল ভুৱা ভোটদানৰ দৰে ঘটনা
মেঘালয়ৰ নংথিম্মাই সমষ্টিত বিক্ৰম কুমাৰ ৰায় নামৰ ব্যক্তিগৰাকীয়ে তেখেতৰ নামত পূৰ্বতেই ভোটদান সম্পন্ন কৰিছে আন কোনো ব্যক্তিয়েই । ইতিমধ্যে নিৰ্বাচনী বিষয়াৰ দৃষ্টিগোচৰ কৰা হৈছে সমগ্ৰ বিষয়টো ।
-
Feb 27, 2023 12:59 IST
নাগালেণ্ডৰ দৰেই ইতিহাস ৰছিলে মেঘালয়েও । ৩৬.৯৬ শতাংশ ভোটদান সম্পূৰ্ণ হ'ল ৰাজ্যখনত । ভোটদান কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা সহ ভগ্নীয়ে । দক্ষিণ তুৰাত অন্য ভোটদাতাৰ সৈতে শাৰীত থিয় হৈ থকা অৱস্থাত দেখা গ'ল মুখ্যমন্ত্ৰী গৰাকীক...
-
Feb 27, 2023 12:05 IST
শান্তিপূৰ্ণভাৱে আগবাঢ়িছে মেঘালয় বিধানসভাৰ নিৰ্বাচন
চুবুৰীয়া ৰাজ্য নাগালেণ্ডত দুই এক বিক্ষিপ্ত ঘটনাই ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাৰ সময়তেই কিন্তু শান্তিপূৰ্ণভাৱে আগবাঢ়িছে মেঘালয়ৰ নিৰ্বাচনী প্ৰক্ৰিয়া । ভোটাৰ সকলেও সকলো নিয়ম কানুন মানি চলাৰ সৈতেই আৰক্ষীয়েও কোনো বাধা লাভ কৰা নাই এতিয়ালৈ...
-
Feb 27, 2023 11:40 IST
মেঘালয়ত অব্যাহত আছে নিৰ্বাচন
দিনৰ ১১ বজালৈ ২৬ শতাংশ লোকৰ ভোটদান সম্পূৰ্ণ মেঘালয়ত...
-
Feb 27, 2023 09:47 IST
ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰথম দুটা ঘন্টাতেই ১০ শতাংশ ভোটদান সম্পূৰ্ণ
অব্যাহত আছে মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । ৮ বজাত আৰম্ভ হোৱা ভোটদানৰ প্ৰথম দুটা ঘন্টাতেই ১০.৫৫ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ...
-
Feb 27, 2023 09:30 IST
মেঘালয়ত পৰিলক্ষিত হ'ল এক অনন্য পদক্ষেপ
ৰাতিপুৱাই ভোটদানৰ বাবে অহা ভোটাৰ সকলক মেডেল আৰু চাৰ্টিফিকেট প্ৰদান ভোটদান কেন্দ্ৰত...
-
Feb 27, 2023 09:15 IST
আজি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
২১.৬ লাখ ভোটাৰেৰে সৰ্বমুঠ ৫৯ খন আসনৰ বাবে সাজু হৈ উঠিছে মেঘালয় । এই ২১.৬ লাখ ভোটাৰে নিৰ্ধাৰণ কৰিব ৩৬৯ জন প্ৰাৰ্থী তথা সমগ্ৰ মেঘালয়ৰ ভৱিষ্যত । শাসনাধিষ্ঠ নেশ্বনেল পিপলছ পাৰ্টীৰ লক্ষ্য ক্ষমতা উভতাই অনাৰ, ঠিক একে সময়তেই বিজেপি আৰু ত্ৰিণমূল কংগ্ৰেছৰ লক্ষ্য মেঘালয়ত নিজ নিজ দলৰ ক্ষমতা প্ৰতিষ্ঠা কৰাৰ...
কি হ'ব মেঘালয়ৰ ভৱিষ্যত ?