ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে এগৰাকী লোকৰ কোভিডত মৃত্যু হয় । জানিব পৰা মতে বকো থানাৰ অন্তৰ্গত নাগোপাৰা গাঁৱৰ জেমচ ওৱাৰেন ডি চাংমা (৫৯) নামৰ লোকগৰাকী আজিৰ পৰা প্ৰায় এমাহ আগতে মধুমেহ,ৰক্তচাপ আৰু কেঁচুমুৰীয়া আদি ৰোগত আক্ৰান্তহৈ চিকিৎসালয়ত চিকিৎসাধীন হৈছিল। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১ বজাত দিশপুৰ পলিক্লিনিকত শেষ নিশ্বাস ত্যাগ কৰে। শেহতীয়াকৈ তেওঁ অৱশ্যে কোভিডত আক্ৰান্ত হৈছিল। মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত পত্নী ইন্দিৰা মোহন চাংমা আৰু দুগৰাকী পুত্ৰ-কন্যাক এৰি থৈ যায় ।
উল্লেখযোগ্য যে , মেঘালয় ৰাজ্যৰ কৃষি বিভাগৰ যুটীয়া সঞ্চালক জেমচ ওৱাৰেন ডি চাংমাই অহা ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিলেহেঁতেন। পটেন্দ্ৰ আৰ মাৰাক আৰু প্ৰয়াত প্ৰপিলাছ ডি চাংমাৰ পুত্ৰ জেমচ ওৱাৰেন ডি চাংমাই ছয়গাঁও বিধান সভা সমষ্টিৰ কিনান গাঁৱত জন্ম গ্ৰহণ কৰিছিল আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পশ্চিম গাৰোপাহাৰ জিলাত থকা চাহবাগিছাবোৰ তেওঁৰ উদ্যোগতে হৈছিল আৰু তেওঁৰ বকোৰ ঘৰৰ বাৰীত চাহপুলি প্ৰস্তুত কৰি সেই বাগিছাবোৰ কৰিছিল । কাইলে তেওঁৰ জন্মস্থান কিনান গাঁৱত ধৰ্মীয় ৰীতি-নীতিৰে অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।