মেঘালয়ত ২০ টা ভোটত জয়ী হ’ল মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী…

মেঘালয়ত ২০ টা ভোটত জয়ী হ’ল মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
মেঘালয়ত ২০ টা ভোটত জয়ী হ’ল মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী…

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয় ডেমক্ৰেটিক এলায়েন্স তথা এনপিপিৰ ৰাজ্যিক সভাপতি ডাঃ ডব্লিউআৰ খাৰলুুখী নিৰ্বাচিত হ'ল মেঘালয়ৰ ৰাজ্যসভাৰ আসনখনত। কংগ্ৰেছ প্ৰাৰ্থী কেন্নেদী খাইৰিয়েমক ২০ টা ভোটত পৰাস্ত কৰে এনপিপি নেতাগৰাকীয়ে। মুঠ ৫৯ টা ভোটৰ ৩৯ টা লাভ কৰে তেওঁ। তাৰ বিপৰীতে কেন্নেদী খাইৰিয়েমে লাভ কৰে কেৱল ১৯ টা ভোট। ইফালে এটা ভোট অবিবেচিত ঘোষণা কৰাৰ লগতে বিধায়ক এলবাৰ্ট নংগ্ৰাম ভোটদানৰ পৰা বিৰত থাকে।

ইফালে এনপিপিৰ ৰাজ্যিক সভাপতি এগৰাকীয়ে প্ৰথমবাৰৰ বাবে উচ্চ সদনত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব। ইফালে সামাজিক দূৰত্ব মানি চলি শুকুৰবাৰে কঠোৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হয় মেঘালয়ৰ ৰাজ্যসভাৰ নিৰ্বাচন। উল্লেখ্য যে, মেঘালয়ৰ পূৰ্বৰ ৰাজ্যসভাৰ সাংসদ ৱাংচুক চায়েমৰ কাৰ্যকাল ১২ এপ্ৰিলত শেষ হৈছিল।

ইফালে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে খাৰলুখীক অভিনন্দন জনালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই। ইফালে মুখ্যমন্ত্ৰীগৰাকী মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ জ্ঞাপনো কৰে। ৰিবঙত পুৱা ৯ জাৰ পৰা বিয়লি ৪ বজালৈকে চলিছিল এই নিৰ্বাচন।