মণিপুৰৰ ভূমিস্খলত সন্ধানহীন অসমৰ ১৭ শ্ৰমিক : উদ্ধাৰ হোৱা ৫ আহত শ্ৰমিকৰ এজনৰ মৃত্যু…

মণিপুৰৰ ভূমিস্খলত সন্ধানহীন অসমৰ ১৭ শ্ৰমিক : উদ্ধাৰ হোৱা ৫ আহত শ্ৰমিকৰ এজনৰ মৃত্যু…

author-image
asomiyapratidin
New Update
মণিপুৰৰ ভূমিস্খলত সন্ধানহীন অসমৰ ১৭ শ্ৰমিক : উদ্ধাৰ হোৱা ৫ আহত শ্ৰমিকৰ এজনৰ মৃত্যু…

ডিজিটেল সংবাদ মৰিগাওঁঃ মণিপুৰৰ নানী জিলাৰ টুপুলত ভয়ংকৰ ভূমিস্খলন।  ভূমিস্খলনৰ ফলত অসমৰ মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ ১ জন শ্ৰমিক নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৫ জন শ্ৰমিক। আনহাতে এতিয়াও সন্ধানহীন হৈ আছে অসমৰ ১৭ জনকৈ শ্ৰমিক।

Advertisment

ভূমিস্খলনৰ ফলত মৃত্যু হোৱা শ্ৰমিকজন গোপাল ফুকন (৩২) বুলি চিনাক্ত কৰা হৈছে। গোপাল ফুকনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত শ্ৰমিকজনৰ ঘৰ লাহৰিঘাটৰ খোৰাগচাইবাৰী গাঁৱত।

ইফালে এই ভূমিস্খলনৰ ফলত সন্ধানহীন হৈ থকা আন ১৭ জন শ্ৰমিক লাহৰিঘাট সমষ্টিৰ কোচকাটি গাঁৱৰ দীপংকৰ বৰদলৈ (২৭), হনুমান কোঁৱৰ (৪৭), চানল কোঁৱৰ (৩০), উৎপল ফুকন (৪০), মমিন ডেকা ৰাজা (৪০), খোৰাগচাই বাৰী গাঁৱৰ আকাশ এল,  ৰাম (২১), পল্লৱ লোৰাম (২২), দেৱজিৎ ফুকন (২৩), বগ্যন্ত লোৰাম (৪০), ৰামু ফুকন (৩৫), কুশতালীৰ জুনতি বাৰাদ (২৭) আৰু লৌভুৰুঙ্গাৰ হৰমোহন ডেকা (৩০)। আনহাতে আন চাৰিজনৰ নাম এতিয়াও প্ৰকাশ পোৱা নাই।

আঘাতপ্ৰাপ্তসকলৰ ভিতৰত আছে কুশতালীৰ প্ৰহ্লাদ বসুমতাৰী (১৯)মণিৰাম ফুকন (৩৫), ৰমন ফুকন (৩৩), মহেশ্বৰ ফুকন (৩২) আৰু আমগুৰিৰ জুন বসুমতাৰী (২৪)।

উল্লেখ্য যে মণিপুৰত ৰে'ললাইন নিৰ্মাণৰ কামত লাহৰিঘাটৰ এই শ্ৰমিকসকল জড়িত আছিল। জানিব পৰা মতে শ্ৰমিকসকলে আজিৰ পৰা ২০ দিন পূৰ্বে মণিপুৰত কাম কৰিবলৈ গৈছিল। ইফালে এই বাতৰি পোৱাৰ পিছতে শ্ৰমিকসকলৰ ঘৰত কান্দোনৰ ৰোল উঠিছে। আত্মীয়সকলে নিৰুদ্দিষ্ট শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড০° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে।

ইফালে মৰিগাওঁ জিলাখনৰ এই শ্ৰমিকসকলৰ লগত সংঘটিত হোৱা এই দুৰ্যোগৰ বিষয়ত জিলাখনৰ উপায়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া জানিবলৈ বিচৰাত জিলা উপায়ুক্ত পি আৰ ঘৰফেলিয়াই অতি দৃঢ়তাৰে কৈছে যে তেওঁ এজন শ্ৰমিকৰ সৈতে কথা পাতিছে। সেই শ্ৰমিকজনে সমগ্ৰ ঘটনাৰ বিৱৰণ তেওঁৰ আগত দিছে। এই শ্ৰমিকজনেই ৪ জনকৈ শ্ৰমিক নানী জিলাৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি প্ৰকাশ কৰিছে।