/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/face-manipurrrrrrrrrrrrrrrrrfg.jpg)
ডিজিটেল সংবাদ, ইম্ফলঃ মণিপুৰ বিশ্ববিদ্যালয়ত বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনত অভিযান চলাই ৯০জন ছাত্ৰ আৰু ৫জন অধ্যাপকক গ্ৰেপ্তাৰ কৰাৰ পাছত ক্ষুণ্ণ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। বৰ্তমান ২০০জনৰো অধিক আৰক্ষী আৰু কামাণ্ডোৱে ঘেৰি ৰাখিছে বিশ্ববিদ্যালয়খন। প্ৰায় ৯০দিনীয়া উত্তেজনাৰ অন্ত পৰিছিল যদিও বিশ্ববিদ্যালয়খনত পুনৰ পূৰ্বৰ উপাচাৰ্য এ পি পাণ্ডেয়ে বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰাৰ পাছতেই এই পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, উপাচাৰ্য এ পি পাণ্ডেৰ বিৰুদ্ধে বিভিন্ন আৰ্থিক দুৰ্নীতিৰ অভিযোগ তুলি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/manipur-dkfjksdjfkjdf2.jpg)
দুৰ্নীতিত এই উপাচাৰ্য গৰাকী ১৭জুনত কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে তদন্তৰ ঘোষণা কৰিছিল। মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ অৱসৰ প্ৰাপ্ত ন্যায়াধীশৰ নেতৃ্ত্বত ঘটিত এখন তদন্ত কমিটীয়ে উপাচাৰ্য এ পি পাণ্ডেৰ বিৰুদ্ধে তদন্ত চলাই আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/pandey-kamnnnaaaa.jpg)
এনে পৰিস্থিতিত উপাচাৰ্যগৰাকীক নিলম্বণত অনুমোদন জনাইছিল ৰাষ্ট্ৰপতিয়ে। উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ছাত্ৰ আৰু শিক্ষকে। তেওঁক বৰ্খাস্ত কৰাৰ দাবীত বিশ্ববিদ্যালয়খনৰ ৭টা বিভাগৰ মুৰব্বীয়ে তেওঁলোকৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/dhsfjdf-notuce.jpg)
যোৱা তিনিমান ধৰি এই উপাচাৰ্যগৰাকীক লৈ উত্তাল হৈ আছিল মণিপুৰ বিশ্ববিদ্যালয়। ২২ আগষ্টত মানৱ সম্পদ মন্ত্ৰণালয়ে নিলম্বণৰ নিৰ্দেশ দিছিল উপাচাৰ্যগৰাকীক। ২৩ আগষ্টত বিশ্ববিদ্যালয় এৰিছিল উপাচাৰ্য পাণ্ডেয়ে।
তদন্ত চলি থকাৰ মাজতে পুনৰ এই দুৰ্নীতিত অভিযুক্ত উপাচাৰ্যগৰাকীয়ে পুনৰ যোগাদান কৰাক লৈ শেহতীয়াকৈ উত্তাল হৈ পৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক বাধা দিবলৈ আৰক্ষীয়ে কন্দোৱা গেছ পৰ্যন্ত ব্যৱহাৰ কৰিবলগা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/manipur-universityjdhf.jpg)
উল্লেখযোগ্য যে, ২০১৬চনৰ অক্টোবৰত পাণ্ডেক মণিপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পূৰ্বে তেওঁ বানাৰস বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত আছিল।