/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/article-2469314-18DE666400000578-383_636x382.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ মণিপুৰ চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰা ৰাজ্যখনত প্ৰতি সপ্তাহৰ শনিবাৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ লৈকে কোনো শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ নিব নালাগে স্কুল বেগ। সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৰিছে এই ঘোষণা। মণিপুৰ চৰকাৰে এই অভিযানক নাম দিছে- ন স্কুলবেগ ডে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/hindi/sites/default/files/2019/09/09/427220-n-biren-singh.jpg)
এই অভিযানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সংবাদমাধ্যমৰ সন্মুখত কয় যে, বিশ্বখন অতি দ্ৰুতগতিত সলনি হৈছে। আমি শিক্ষাৰ্থীসকলক কিছু স্বাধীনতা প্ৰদান কৰা উচিত। সকলোবোৰ দিশ চালি-জাৰি চাই আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। উল্লেখ্য যে, এনে শিক্ষা ব্যৱস্থাত এনে ব্যতিক্ৰমী পৰিৱৰ্তন সাধন কৰা মণিপুৰেই হৈছে একমাত্ৰ ৰাজ্য।