/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/f0b3aad8-b0ce-4bdc-90f7-d6d3d3ec7b79.jpg)
ডিজিটেল সংবাদ, ইম্ফলঃ শুকুৰবাৰে মণিপুৰত পালন কৰা হয় নিঙোল চাক্কৌবা উৎসৱ। মণিপুৰী ভাষাত 'নিঙোল' মানে মহিলা, 'চাক' মানে চাউল আৰু 'কৌবা' মানে নিমন্ত্ৰণ। মণিপুৰীসকলৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোত বিবাহিত মহিলাসকলক তেওঁলোকৰ মাক-দেউতাক, ককায়েকৰ ঘৰলৈ মাতি একেলগে এসাঁজ মিলা-প্ৰীতিৰে খোৱাৰ লগতে ককায়েকে ভনীয়েকক আৰ্শীবাদ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/0a4eb2d1-717c-44b0-930f-5d44e82b735f.jpg)
আগদিনা ককায়েক-ভায়েকে ভনীয়েকৰ ঘৰলৈ তামোল-পাণ লৈ নিমন্ত্ৰণ জনাবলৈ যায়। মুলতঃ এই উৎসৱ ভায়েক-ভনীয়েকৰ মৰমৰ উৎসৱ। ইয়াত অন্তর্নিহিত হৈ আছে ভগ্নীৰ প্ৰতি ককায়েক-ভায়েকৰ নিঃস্বাৰ্থ মৰম-ভালপোৱা। পৰম্পৰা অনুসৰি ভনী-জোঁৱায়েকে আজি নিজৰ পত্নীক মাক-দেউতাক বা ককায়েক-ভায়েকৰ ঘৰত থ'বলৈ আহি পদুলিৰপৰা উভতি যায়। কিন্তু ঘৰত নোসোমাই। ইয়াৰ কাৰণ মৰমৰ ভনীয়েকৰ লগত সুখ-দুখৰ কথা জোৱায়েকৰ আগত পাতিবলৈ বেয়া পায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/b46b918d-2c1f-4faf-a7ca-cd2877e29ada.jpg)
উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা, ৰীতি-নীতি উৎসৱৰ বিষয়ে নতুন প্ৰজন্মৰ লগতে আমি জনা উচিত। দুখৰ বিষয়-গোৰ্খাসকলৰ ভাইটিকাৰ কথা আমি জানোঁ, কিন্তু বহুতে নাজানে একে উৎসৱ নিঙোল চাক্কৌবাৰ বিষয়ে।