/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/80d9d51b-3751-4458-82f9-da63b48aa49e.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ বিগত ২৬ এপ্ৰিল পৰা মণিপুৰৰ উখৰুল জিলাৰ চিহাই আৰু খুনুউ গাঁৱত সৃষ্টি হোৱা যুদ্ধ আতংকৰ সেই শ্বাসৰুদ্ধকৰ পৰিস্থিতি অৱশেষত বুধবাৰে অৱসান ঘটিছে । উখৰুলৰ প্ৰায় তিনি হাজাৰ নাগৰিকে মঙলবাৰে উলিওৱা বিশাল শান্তি সমদলৰ পিছতে জনতাৰ প্ৰতিবাদত সেও মানি অৱশেষত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম ) আৰু আছাম ৰাইফলছে বুধবাৰে নিজৰ নিজৰ সৈন্য ওভতাই নিবলৈ সন্মত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/80d9d51b-3751-4458-82f9-da63b48aa49e.jpg)
যোৱা মঙলবাৰে উখৰুলৰ বহু কেইটা নাগৰিক সংগঠনে তিনি হাজাৰ ৰাইজক লৈ চিহাই পৰা খামাছমলৈ বিশাল শান্তি সমদল বাহিৰ কৰে । প্ৰতিবাদী ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ ইণ্ডো – নগা শান্তি প্ৰক্ৰিয়াৰ গতিৰোধ অন্ত পেলাই নাগৰিকৰ নিৰাপত্তা স্বাৰ্থত এন এছ চি এন আৰু আছাম ৰাইফলছে নিজ নিজ সৈনিকক উভতাই নিবলৈ আহবান জনায় । শান্তি সমদলৰ সন্দৰ্ভত টাংখুল নাগা লংগৰ উপাধ্যক্ষ তুইছেম কামকাৰই কয় যে আমি শান্তি বিচাৰো,যুদ্ধ নহয় । এন এছ চি এন আৰু ভাৰত চৰকাৰ দুয়োপক্ষই যুদ্ধ বিৰতিৰ শান্তি চুক্তিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত ।কাৰণ আমাৰ নাগৰিকসকলক শান্তিত থাকিবলৈ দিয়া উচিত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/a7acfa29-646a-4a4e-9d77-2a8e34881605.jpg)
উল্লেখযোগ্য যে অসামৰিক লোক আৰু গাঁওবাসীৰ নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি টি এন এলে বিদ্ৰোহী সংগঠন এন এছ চি এন আৰু আছাম ৰাইফলছৰ শীৰ্ষ নেতৃত্বৰ সৈতে কৰা আলোচনাৰ অন্তত চিহাই গাঁৱৰ প্ৰায় ৬কিলোমিটাৰ নিলগত স্থাপন কৰা ডেজিগনেটেড শিবিৰ খালি কৰি অন্য ঠাইলৈ নিবলৈ সন্মত হৈছে । ইফালে আছাম ৰাইফলছেও নিজৰ সৈন্যক গাঁওখনৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশ জাৰি কৰিছে । অৱশ্যে এন এছ চি এনে ভাৰত চৰকাৰৰ যুদ্ধ বিৰতি নিৰীক্ষণ গোটৰ অধ্যক্ষ ছকিন চৌহানক এই বুলি অৱগত কৰায় যে উখৰুলৰ চিহাই গাঁৱৰ ডেজিগনেটেড শিবিৰটো অন্য ঠাইলৈ হস্তান্তৰ কৰিব বাবে বিকল্পৰ ঠাই ব্যৱস্থা নকৰালৈকে সম্ভৱ নহয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/dafa5734-8d10-4c7f-9437-79299892f7dc.jpg)
অৱশ্যে উখৰুলৰ চিহাই গাঁৱৰ অনাহুত পৰিস্থিতি সন্দৰ্ভত এন এছ চি এনে কয় যে বিগত ২১ বছৰীয়া যুদ্ধ বিৰতি চুক্তিৰ কালত চিহাই খুনুউ গাঁৱত যি পৰিবেশ সৃষ্টি হৈছে সেয়া খুবেই দুৰ্ভাগ্যজনক । বিদ্ৰোহী সংগঠনটোৰ মতে উখৰুলৰ চিহাই গাঁৱৰ ডেজিগনেটেড শিবিৰটোৱে কোনো আইন শৃংখলা পৰিস্থিতি সৃষ্টি কৰা নাছিল । এয়া উখৰুলৰ জিলা প্ৰশাসনৰ বাবে কোনো নতুন কথা নাছিল । ইপিনে আছাম ৰাইফলছৰ ডি আই জিয়ে কৈছে যে আছাম ৰাইফলছৰ তেওঁলোকৰ সৈনিকসকলক উভতি যাবলৈ নিৰ্দেশ জাৰি কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/63adbd43-924f-4e45-b0e4-708c4ffd744b.jpg)
উল্লেখ্য যে বিগত ২৬ এপ্ৰিল আবেলিৰে পৰা মণিপুৰৰ উখৰুলৰ চিহাই গাঁৱৰ সমীপত নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে নতুনকৈ এটি ডেজিগনেটেড শিবিৰ স্থাপন কৰিছিল । আছাম ৰাইফলছে যুদ্ধ বিৰতি নিয়ম উলংঘা কৰা বুলি গধুৰ অস্ত্ৰৰ আৰু তিনিখন হেলিকেপ্টাৰেৰে বিদ্ৰোহী শিবিৰটো ঘেৰিলৈ এক যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি কৰিছিল । ফলত উখৰুলৰ চিহাই আৰু খুনুউ গাঁৱত সংঘৰ্ষৰ উত্তেজনাই বিৰাজ কৰিছিল। গাঁওবাসী তীব্ৰ আতংকত ভূগিছিল। অৱশেষত মঙলবাৰে তিনি হাজাৰ লোকৰ শান্তি সমদলৰ পিছত বুধবাৰে এন এছ চি এন (আই এম ) আৰু আছাম ৰাইফলছে নাগৰিকৰ নিৰাপত্তাৰ স্বাৰ্থত নিজৰ নিজৰ সৈনিকক উভতাই নিবলৈ সন্মত হোৱাত অঞ্চলতটো যুদ্ধ উত্তেজনা শাম কাটে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/39339953-8ad9-4efe-a24c-e04677be6077.jpg)