/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/agrani-batory.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰত ৰাজনৈতিক অচলাৱস্থাৰ মাজতে শুকুৰবাৰে সম্পন্ন হ'ল ৰাজ্যসভাৰ নিৰ্বাচন। পুৱা ৯ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হোৱা ৰাজ্যসভাত শেষ হাঁহি মাৰিলে বিজেপিয়ে। দলটোৰ মহাৰাজা ছানাজাওবা লেইছেম্বা জয়ী হ'ল ৰাজ্যসভাৰ আসনখনত। আনহাতে পৰাজিত হয় কংগ্ৰেছৰ প্ৰাৰ্থী তংব্ৰাম মাংগীবাবু সিং আৰু এনপিএফৰ হনৰেইখুই কাছোং।
শান্তভাৱে নিৰ্বাচন সম্পন্ন হোৱা মেঘালয়ত মেঘালয় সন্মিলিত মৰ্চা তথা এনপিপিৰ ৰাজ্যিক সভাপতি ডাঃ ডব্লিউ আৰ খাৰলুকি জয়ী হৈছে ৰাজ্যসভাত। প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থী কেন্নেডী খেৰিয়েমক ২০ টা ভোটত পৰাস্ত কৰে। ঠিক তেনেদৰে মিজোৰামৰ ৰাজ্যসভাৰ আসনখনৰ ফলাফল এতিয়াও ঘোষণা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us