/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/manipur-political-news-banana-main-face-main-face-banana-666-Untitled-6-copy.jpg)
ফাইল ফটো
ডিজটেল ডেস্কঃ সঘনে পট পৰিৱৰ্তন ঘটিছে মণিপুৰৰ ৰাজনীতিত। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ দাবী মণিপুৰত বীৰেন সিং নেতৃত্বাধীন এনডিএ চৰকাৰে সম্পূৰ্ণ কৰিব কাৰ্যকাল। ২০২২চনলৈকে বীৰেন সিঙে হৈ থাকিব মণিপুৰৰ মুখ্যমন্ত্ৰী।
ইফালে, মণিপুৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী। তাৰমাজতে চৰকাৰ গঠনৰ বাবে কুচকাৱাজ চলোৱা প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী অ ইগবি সিঙৰ দুৰ্নীতি গোচৰৰ বিৰুদ্ধে চিবিআই নামি পৰাত মণিপুৰৰ ৰাজনীতি হঠাৎ সলনি হৈ পৰে।
উল্লেখযোগ্য যে, প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে আছে ৩৩২কোটি টকীয়া দুৰ্নীতিৰ গোচৰ। এই সন্দৰ্ভত হঠাৎ চিবিআই তৎপৰ হৈ পৰাত কংগ্ৰেছৰ শিবিৰতো ইয়াৰ প্ৰভাৱ পৰে। চিবিআইয়ে ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ বাসগৃহত সোধপোছ কৰে তিনি ঘন্টাৰ বাবে।
২০০৯চনৰ পৰা ২০১৭চনলৈ মুখ্যমন্ত্ৰী হৈ থকা কালত উন্নয়নৰ নামত ৩৩২ কোট টকাৰ কেলেংকাৰী সংঘটিত হৈছিল বুল অভিযোগ উঠিছে। আনহাতে, এনপিপিৰ যি চাৰিজন মন্ত্ৰীয়ে পদত্যাগ কৰিছিল তেওঁলোকক এনপিপিৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাৰ জৰিয়তে মঙলবাৰৰ সন্ধিয়া গুৱাহাটীলৈ অনা হয়।
তেওঁলোকৰ সৈতে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কথা পাতি তেওঁলোকৰ দাবী সমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতে মণিপুৰৰ ৰাজনীতি পুনৰ সলনি হৈ পৰে। এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী সলনি হোৱাৰ কোনো ইংগিত দিয়া নাই অৱশ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই।