বিতৰ্কিত বিধায়কক অযোগ্য ঘোষণা বিধানসভাৰ অধ্যক্ষৰ

বিতৰ্কিত বিধায়কক অযোগ্য ঘোষণা বিধানসভাৰ অধ্যক্ষৰ

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ বিতৰ্কিত বিধায়ক থউনাওজাম শ্যামকুমাৰক শনিবাৰে মণিপুৰ বিধানসভাৰ পৰা বিধায়কৰ পদ অযোগ্য ঘোষণা কৰা হয়। শনিবাৰে মণিপুৰ বিধানসভাৰ অধ্যক্ষই চূড়ান্ত শুনানিত এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। উল্লেখযোগ্য যে, দুদিনৰ পূৰ্বে টি শ্যামকুমাৰে বিধানসভাৰ অধ্যক্ষলৈ এখন পদত্যাগ পত্ৰ লিখিছিল।

বিধায়ক থউনাওজাম শ্যামকুমাৰ।

শনিবাৰে নাটকীয়ভাৱে বিধানসভাৰ কক্ষত অধ্যক্ষ ৱাই খেমচান্দৰ অধ্যক্ষতাত বিধায়কগৰাকীক অযোগ্য ঘোষণাৰ চূড়ান্ত শুনানি চলে আৰু বিধানসভাৰ সচিব এম ৰমণী দেৱীয়ে এক জাননী জাৰি কৰি শ্যামকুমাৰক অযোগ্য ঘোষণা কৰে। টি শ্যামকুমাৰে ২০১৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ বিধায়ক হিচাপে জয় লাভ কৰিছিল যদিও তেওঁ কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰি কেবিনেট মন্ত্ৰী পদো লাভ কৰিছিল।