/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/manipur-railway-cngrdsss-dhmji.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ আজিৰ দিনটো মণিপুৰৰ বাবে ঐতিহাসিক দিন, কিয়নো স্বাধীনতাৰ সুদীৰ্ঘ ৭৫ বছৰৰ পিছত ভাৰতীয় ৰে'ল মানচিত্ৰত নাম অন্তৰ্ভুক্ত হ'ল মণিপুৰৰ। নতুনকৈ নিৰ্মাণ কৰা জিৰিবাম – ইম্ফল সংযোগী ৰেলপথেৰে প্ৰথমখন মালবাহী ৰে'ল আজি তামেঙলং জিলাৰ অইনামলংঙ গাঁৱৰ ৰাণী গাইডিনলু ষ্টেচন উপস্থিত হয়। এই ৰে'ল গাড়ীখন ষ্টেচনত উপস্থিত হোৱা লগে লগে দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোগ হ'ল মণিপুৰ। শনিবাৰে মালবাহী ৰেলখন গাইডিনলু ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে অইনামলংঙ গাওঁবাসীয়ে পৰম্পৰাগত নৃত্য-গীতেৰে আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/b7e390fb-2a4e-40ff-8a26-4af462d9fb2f-1024x563.jpg)
উল্লেখযোগ্য যে, ভাৰতীয় ৰেলৱে প্ৰায় ১৪ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা জিৰিবাম-ইম্ফল সংযোগী ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ আজি ব্ৰডগজ ৰেলপথৰ শুভাৰম্ভ হয় । ২০০৪-০৫ চনতে নৰ্থ ইষ্ট ফ্ৰণ্টিয়া ৰেলৱে অসমৰ সীমান্তৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰা এই জিৰিবাম ইম্ফল সংযোগী পাহাৰীয়া ৰেলপথত আছে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৬ টা সুৰংগ , ১৫৩ খন পকীদলং । সম্প্ৰতি এই জিৰিবাম- ইম্ফল ৰেল পথৰ ননেত নিৰ্মাণ কৰি থকা হৈছে ১৪১ মিটাৰ উচ্চতাৰ বিশ্বৰ আটাইতকৈ ওখ দলংখন ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/73e24276-16d4-46f8-81dc-bfac6a3c23e6.jpg)
ইফালে ৰাণী গাইডিনলু ৰেল ষ্টেচন আজি প্ৰথম মালবাহী ৰেল উপস্থিত হোৱাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আনন্দ প্ৰকাশ কৰি এক টুইট যোগে কয়- এয়া বিজেপি চৰকাৰৰ এক মাইলৰ খুঁটি । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তত্বাৱধানত ৰেল যোগাযোগে মণিপুৰৰ আৰ্থ সমাজিক ক্ষেত্ৰলৈ পৰিৱৰ্তন আনিব । উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীক ৰেল যোগাযোগ ব্যৱস্থাৰে সাঙুৰি ল'বলৈ যি আঁচনি গ্ৰহণ কৰিছিল তাৰে অংশ হিচাপে আজি এনেদৰে মণিপুৰৰ নাম ভাৰতীয় ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল ।