৩০০০টকাতে মণিপুৰত হেলিকপ্টাৰেৰে এপাক!

৩০০০টকাতে মণিপুৰত হেলিকপ্টাৰেৰে এপাক!

author-image
asomiyapratidin
New Update
৩০০০টকাতে মণিপুৰত হেলিকপ্টাৰেৰে এপাক!

ডিজিটেল সংবাদ, ইম্ফলঃ চুবুৰীয়া ৰাজ্য মণিপুৰৰ যাতায়তৰ ক্ষেত্ৰত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ। মণিপুৰৰ বাসিন্দাসকলৰ যাতায়তৰ ক্ষেত্ৰত সংযোগ হ'ল হেলিকপ্টাৰ সেৱাৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বুধবাৰে ৰাজ্যখনৰ হৰিনগৰত উদ্বোধন কৰে হেলিকপ্টাৰ সেৱাৰ।

প্ৰথমবাৰৰ বাবে ইম্ফলৰ পৰা জিৰিবামলৈ উৰা মাৰে পৱনহংসৰ এখন হেলিকপ্টাৰ। পৰিবহণ আয়ুক্ত এম লক্ষ্মীকুমাৰে সদৰী কৰা অনুসৰি সপ্তাহটোৰ দেওবাৰ আৰু অন্যান্য বন্ধৰ দিনত উপলব্ধ নহ'ব হেলিকপ্টাৰ সেৱা। প্ৰতিজন যাত্ৰীয়ে এবাৰ যাত্ৰা কৰাৰ বাবদ দিব লাগিব ৩০০০ টকা।

মণিপুৰ ৰাজ্য চৰকাৰৰ পাহাৰীয়া এলেকা সমূহৰ উন্নয়নৰ পদক্ষেপ হিচাবে আৰম্ভ কৰা হয় এই সেৱাৰ। হেলিকপ্টাৰ সেৱাৰ আৰম্ভ কৰাৰ পূৰ্বে মঙলবাৰে পৰীক্ষামূলকভাৱে মণিপুৰৰ আকাশত পৱনহংসৰ এখন হেলিকপ্টাৰো উৰুৱা হয়।

এই সেৱাৰ শুভাৰম্ভ কৰি চৰকাৰে আৰু বহু এনেধৰণৰ কাম কৰিব বুলিও জনায় মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। ইফালে ৰাজ্যখনৰ আকাশত হেলিকপ্টাৰ উৰাকলৈ মণিপুৰৰ বাসিন্দা সকলে বহুদিনীয়া এটা সপোন পূৰণ হ'ল বুলিও সংবাদমাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰে।