/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/manipur-niraj-current-bill-3-copy.jpg)
ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে স্বৰ্ণ পদক টকিঅ' অলিম্পিকত আজুৰি আনিলে ভাৰতীয় এথলিট নীৰজ চোপ্ৰাই। শনিবাৰে অলিম্পিকত জেভলিন থ্ৰ'ত সোণৰ মেডেল লাভ কৰা নীৰজক ১ লোকি টকা পুৰস্কাৰ হিচাপে দিয়াৰ সিদ্ধান্ত লৈছে মণিপুৰ চৰকাৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে টুইটাৰযোগে কৰিলে এই ঘোষণা।
মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে- 'আজিৰ দিনটো এক ঐতিহাসিক দিন। টকিঅ' অলিম্পিকত জেভলিন থ্ৰ'ত স্বৰ্ণ লাভ কৰা নীৰজ চোপ্ৰাক ১ কোটি টকা পুৰস্কাৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে মণিপুৰ কেবিনেটে। এই স্বৰ্ণ জয়ৰ বাবে তেওঁলৈ অভিনন্দন…'