বিপদত মণিপুৰৰ এনডিএ চৰকাৰ! ৩ বিজেপিৰ বিধায়কে যোগ দিলে কংগ্ৰেছত…

বিপদত মণিপুৰৰ এনডিএ চৰকাৰ! ৩ বিজেপিৰ বিধায়কে যোগ দিলে কংগ্ৰেছত…

author-image
asomiyapratidin
New Update
বিপদত মণিপুৰৰ এনডিএ চৰকাৰ! ৩ বিজেপিৰ বিধায়কে যোগ দিলে কংগ্ৰেছত…

ডিজিটেল ডেস্কঃ মণিপুৰত হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন। পতনৰ দিশে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ। কোৰোনা ভাইৰাছৰ সংকটৰ মাজতে মণিপুৰৰ এন বীৰেণ সিং চৰাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰিলে ৯জনকৈ বিধায়কে।

উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিং সহ এনপিপিৰ চাৰিজন বিধায়কে এনডিএ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰোপৰি, তিনিজন বিজেপিৰ, এজন তৃণমূল কংগ্ৰেছ আৰু এজন নিৰ্দলীয় বিধায়কে বীৰেণ সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে।

৬০ জনীয়া মণিপুৰ বিধানসভাত শেহতীয়া নিৰ্বাচনত এনপিপিৰ সমৰ্থনত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল যদিও ইয়াৰ লগতে বীৰেণ সিঙৰ চৰকাৰ সংখ্যালঘুত পৰিণত হয়। এনডিএৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা ৯ জন বিধায়কে কংগ্ৰেছ দলক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে।

ইয়াৰ ফলত এই বিধায়ক কেইজনৰ সমৰ্থনত মণিপুৰত পুনৰ কংগ্ৰেছ চৰকাৰ গঠন কৰাতো নিশ্চিত হৈ পৰে। ৰাজ্যখনত এই ৰাজনৈতিক পট পৰিৱৰ্তনত আচৰিত হৈছে বিজেপি নেতৃত্বও। উল্লেখযোগ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেডাৰ অধ্যক্ষ হিচাপে মণিপুৰত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰাৰ দাবী কৰিছিল।

এতিয়া এন ডি এ চৰকাৰ পতন হোৱাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ভূমিকা লক্ষণীয় হ'ব। যোৱা নিৰ্বাচনত মণিপুৰত কংগ্ৰেছে ১৯ খন, বিজেপিয়ে ২৬খন এনপিপিয়ে ৪খন, এনএফপি ৪খন, তৃণমুল কংগ্ৰেছ ১খন, এল জে পি ১খন আৰু নিৰ্দলীয় ১খন আসন লাভ কৰিছিল।