/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/Manipur-girl-first-corona-positive-of-north-east-recovered.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে সুখবৰ যে উত্তৰ পূৰ্বৰ প্ৰথম গৰাকী কোভিড-১৯ মহামাৰীত আক্ৰান্ত মণিপুৰৰ যুৱতী সম্প্ৰতি কুৰি দিনৰ অন্ততঃ সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিছে। লণ্ডনৰ ব্ৰিষ্টলত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত ২৩ বছৰীয়া যুৱতী গৰাকীক ইম্ফলৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল চাইন্স চিকিৎসালয়ে সম্পূৰ্ণ কোভিড -১৯ ৰোগমুক্ত বুলি ঘোষণা কৰি ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। যোৱা ১৩ এপ্ৰিলৰ দুপৰীয়া যুৱতী গৰাকীক জে এন ই এম এছৰ এম্বুলেন্সেৰ জৰিয়তে নিজা ঘৰলৈ লৈ যোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/Manipur-girl-first-corona-positive-of-north-east-recovered-2-1024x668.jpg)
এই সন্দৰ্ভত জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছাইন্স চিকিৎসালয়ৰ সঞ্চালক প্ৰফেছৰ টি ভীমই কয় যে, যোৱা ২৪ মাৰ্চত ভ্ৰমণ ইতিহাস থকা যুৱতী গৰাকী কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছত তেওঁক জৰুৰী চিকিৎসা প্ৰদানৰ অন্তত এঘাৰ দিনৰ ভিতৰত প্ৰায় তিনিটা পৰীক্ষা কৰা হয় যদিও আটাইকেইটা পৰীক্ষাৰ ফলাফল নিগেটিভ আহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/Manipur-girl-first-corona-positive-of-north-east-recovered-222-1024x404.jpg)
ইফালে তেওঁৰ স্বাস্থ্য বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ পৰাত তেওঁক সোমবাৰে চিকিৎসালয়ৰ পৰা ছুটি দিয়া হৈছে। অৱশ্যে যুৱতী গৰাকী সম্পূৰ্ণ আৰোগ্য লাভ কৰিছে যদিও তেওঁক পুনৰ ঘৰলৈ গৈ অহা ১৪ দিনৰ বাবে হ'ম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে ইম্ফলৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল কলেজৰ চিকিৎসকসকলৰ এই সফলতাত মণিপুৰৰ ৰাইজে স্বস্তিৰে নিশ্বাস পেলাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/Manipur-girl-first-corona-positive-of-north-east-recovered-44-1024x392.jpg)