/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/manipur-election-2nd.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰ বিধানসভাৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে অনুষ্ঠিত হয়। ৰাজ্যখনত সন্ধিয়া ৫ বজালৈকে ৭৬.০৪ শতাংশ ভোটদান সাব্যস্ত হৈছে। এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মণিপুৰৰ থৌবাল আৰু সেনাপতি অঞ্চলত নিৰ্বাচনী হিংসাৰ ফলত দুজনকৈ লোকৰ মৃত্যু হৈছে।
সেনাপতিত এখন বাছত উঠি একাংশ ভোটাৰ ভোটকেন্দ্ৰলৈ যোৱাৰ অৱস্থাত আধা বাটতে দুৰ্বৃত্তই বাছখনত আক্ৰমণ কৰে। এই ঘটনাত এজন লোকৰ মৃত্যু হৈছে। আনহাতে থৌবালত আন এজন লোকৰ মৃত্যু হয়। উল্লেখ্যে যে নিৰ্বাচনৰ পূৰ্বৰে পৰা মণিপুৰৰ বিভিন্ন অঞ্চলত বহু কেইটা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে বোমা বিস্ফোৰণৰ দৰে ঘটনাও সংঘটিত হৈছে।
ৰাজ্যখনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত মুঠ ৬ খন জিলাৰ ২২ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই ২২ টা সমষ্টিত মুঠ ১,২৪৭ টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছিল। মুঠ ৮.৩৮ লাখ ভোটাৰ আছিল এই সমষ্টি কেইটাত। আটাইকেইটা সমষ্টি মিলাই মুঠ ৯২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। এই ৯২ গৰাকী প্ৰাৰ্থীৰ মাজত আছিল ২ গৰাকী মহিলা প্ৰাৰ্থী।