/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/manipur-1.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ পূৱৰ ক্ষুদ্ৰ ৰাজ্য মণিপুৰৰ ভোটগণনা অব্যাহত আছে। ভোটগণনা অব্যাহত থকা মণিপুৰত বিজেপিয়ে ১৭ খন আসনত আগবাঢ়িছে। আনহাতে কংগ্ৰেছে ৫ খন, নেচনেল পিপলছ পাৰ্টীয়ে ৯ খন আৰু অন্যান্যই ৬ খন আসনত আগবাঢ়ি আছে।
উল্লেখ্য যে মণিপুৰৰ বিগত নিৰ্বাচনত কংগ্ৰেছ, বিজেপিকে ধৰি কোনো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল যদিও কংগ্ৰেছ দলে ২৮ খন আসন লাভ কৰিছিল আৰু বিজেপিয়ে ২১ খন আসন লাভ কৰিছিল। ইয়াৰ বিপৰীতে নাগা পিপলছ ফ্ৰণ্টে ৪ খন, নেচনেল পিপলছ পাৰ্টীয়ে ৪ খন আৰু বাকী কেইখন আসন নিৰ্দলীয়কে ধৰি অন্যান্যই লাভ কৰিবলৈ সক্ষম হৈছিল।
কিন্তু অধিক সংখ্যক আসন লাভ কৰিও মণিপুৰত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল। বহু কেইজন কংগ্ৰেছ বিধায়কে নিৰ্বাচনৰ পিছত বিজেপিত যোগদান কৰাৰ লগতে নিৰ্দলীয় আৰু অন্যান্যৰ সমৰ্থনত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান অব্যাহত থকা ৰাজ্যখনৰ ভোটগণনাৰ ফলাফলৰ প্ৰতি লক্ষ ৰাখি ৰাজ্যখনত পুনৰ বিজেপিয়েই চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। অৱশ্যে কোনে চৰকাৰ গঠন কৰিব সেই বিষয়ে জানিবলৈ সম্পূৰ্ণ ফলাফল প্ৰকাশ হোৱালৈ বাট চাব লাগিব।