মণিপুৰৰ চুৰাচান্দপুৰত বিএছএফৰ জোৱানৰ সতীৰ্থক লক্ষ্য কৰি গুলীবৰ্ষণ, এজন নিহত, এজন আহত

মণিপুৰৰ চুৰাচান্দপুৰত বিএছএফৰ জোৱানৰ সতীৰ্থক লক্ষ্য কৰি গুলীবৰ্ষণ, এজন নিহত, এজন আহত

author-image
asomiyapratidin
New Update
মণিপুৰৰ চুৰাচান্দপুৰত বিএছএফৰ জোৱানৰ সতীৰ্থক লক্ষ্য কৰি গুলীবৰ্ষণ, এজন নিহত, এজন আহত

ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ বি এছ এফ সহায়ক প্ৰশিক্ষণ কেন্দ্ৰত (এছটিচিত) সোমবাৰে সতীৰ্থ জোৱানৰ মাজত সংঘটিত হয় এক গুলীবৰ্ষণৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ১০ বজাত চুৰাচান্দপুৰৰ ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত অৱস্থিত এএছটিত কেন্দ্ৰত নিয়োজিত বিএছএফৰ এজন হেড কনিষ্টবলে নিজৰ চাৰ্ভিজ ৰাইফলেৰে অন্য এজন কণিষ্ঠ জোৱানক গুলীয়ায়।

ফলত জোৱানজন গুৰুত্বভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হয়। ঘটনাৰ সন্দৰ্ভত বিএছএফৰ এগৰাকী শীৰ্ষ বিষয়াই সদৰী কৰামতে এই ঘটনাৰ পাছত হেড কনিষ্টবলজনে ৰাইফলৰে নিজক লক্ষ্য কৰি গুলীওৱাত তেওঁ নিহত হয়। উল্লেখযোগ্য যে, বিএছএফৰ প্ৰশিক্ষণ কেন্দ্ৰত সতীৰ্থ জোৱানৰ মাজত সংঘটিত ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে।