/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/main-face-main-face-0ec4d9c0-7786-4aab-b227-d70f4b7148ac.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ এক নতুন ৰাজনৈতিক ঘটনাক্ৰম অনুসৰি বিজেপি নেতৃত্বৰ এন বীৰেণ সিঙৰ চৰকাৰৰ মিত্ৰজোঁটৰ পৰা শনিবাৰে ৯ গৰাকীকৈ শাসকীয় বিজেপি দলৰ বিধায়কে দল ত্যাগ কৰাত সংখ্যালঘুত পৰিণত হৈছে মণিপুৰৰ এন বীৰেণ সিঙৰ নেতৃত্বৰ বিজেপি চৰকাৰ । ২৩ গৰাকী বিধায়কৰ সমৰ্থন বীৰেন সিঙৰ চৰকাৰৰ বৰ্তমান ১৮ গৰাকী বিধায়ক আছেগৈ। ফলত চৰকাৰৰ পতন প্ৰায় নিশ্চিত হৈ পৰিছে।
বৃহস্পতিবাৰে ৪ গৰাকী বিধায়কে বিজেপি দলৰ পৰা পদত্যাগ কৰা পিছত শনিবাৰে পুনৰ ৫ গৰাকী দল ত্যাগ কৰে । মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এই ঘটনাক বিজেপি মিত্ৰজোঁটৰ বাবে ডাঙৰ আঘাত বুলি অভিহিত কৰিছে । ইফালে শাসনাধিস্থ বিজেপিৰ ৩ গৰাকী বিধায়কে দল ত্যাগ কৰি পোনে পোনে কংগ্ৰেছত যোগদান কৰাৰ পিছতে কংগ্ৰেছৰ নেতা অ ইববি সিঙৰ নেতৃত্বত ছেকুলাৰ প্ৰগেছিভ ফ্ৰণ্টে মণিপুৰত নতুন চৰকাৰৰ গঠনৰ বাবে কুচকাৱাজ জোৰদাৰ কৰি তুলিছে।
বৃহস্পতিবাৰে ৰাজ্যপাল ডঃ নাজমা হেপতুল্লাক কংগ্ৰেছৰ নেতৃত্ব যোৱা এছ পি এফ মিত্ৰজোঁটে এন পি পি , টি এম চি আৰু নিৰ্দলীয়সহ ২৬ জনীয়া বিধায়কৰ সমৰ্থনৰ স্বাক্ষৰিত এখন পত্ৰ ৰাজভৱন অৰ্পণ কৰি অচিৰেই বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় । ৰাজ্যপাল সাক্ষাতৰ পিছত এন পি পিৰ নেতা থাঙমিলান কিপগিনে কয় মণিপুৰত নতুন চৰকাৰ গঠন কৰিব পৰাকৈ আমাৰ সমৰ্থন আছে । কংগ্ৰেছৰ নেতা অ, ইববি সিঙে আমাক নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/0ec4d9c0-7786-4aab-b227-d70f4b7148ac-787x1024.jpg)
উল্লেখ্য যে, ৬০ জনীয়া মণিপুৰ বিধানসভাত বৰ্তমান ৪৯ গৰাকী বিধায়ক আছে । কিন্তু পূৰ্বৰ কংগ্ৰেছৰ ৭ গৰাকীৰ বিধায়ক দল সলনি কৰাৰ বাবে বিধায়কৰ অযোগ্য ঘোষণা কৰা হৈছিল । ইয়াৰে এন বীৰেণ সিঙৰ চৰকাৰৰ ২৭ গৰাকী বিধায়কৰ ভিতৰত ৯ গৰাকী বিধায়কে দল ত্যাগ কৰাত এতিয়া মাত্ৰ ১৮ গৰাকীৰ বিধায়কৰ সমৰ্থন আছে আনহাতে কংগ্ৰেছৰ নেতৃত্বত নৱগঠিত ছেকুলাৰ প্ৰগেছিভ ফ্ৰণ্টৰ লগত বৰ্তমান ৩১ গৰাকী বিধায়ক আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/b7f70936-934e-40f3-b390-99740739d9b8-1-733x1024.jpg)
ইফালে শনিবাৰে মণিপুৰ বিধানসভাৰ সচিব ৰমণী দেৱীয়ে জাৰি কৰা এক জাননীত বিধায়ক টি থংগজলম, হাউকিপ , ছিইবম সুভাষ চন্দ্ৰ সিঙ আৰু ছেমুৱেল জেন্দা কামমেই বিজেপিৰ দল ত্যাগ কৰা কথা ঘোষণা কৰিছে । উল্লেখযোগ্য যে, যোৱা ১৭ জুনত এন পি পি বিধায়ক তথা উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰে পদত্যাগ কৰাৰ পিছতে এন বীৰেন সিং চৰকাৰৰ বাবে ৰাজনৈতিক প্ৰত্যাহ্বান আৰম্ভ হয় ।
জানিব পৰা মতে, বিজেপিয়ে বীৰেণ সিঙৰ চৰকাৰ বচাবলৈ কংগ্ৰেছৰ কেইবাজনো বিধায়কৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে যদিও কংগ্ৰেছে এই দাবী প্ৰত্যাখ্যান কৰিছে । কংগ্ৰেছে কৈছে যে- তেওঁলোকৰ ৩১জন বিধায়ক একত্ৰিত হৈ আছে । উল্লেখযোগ্য যে, এন বীৰেন সিঙে কংগ্ৰেছৰ বিধায়ক সকলৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা ক্ষীণ কিয়নো পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা ৭ গৰাকী বিধায়ক অযোগ্য ঘোষণা কৰি ৰাখিছে । যদি কোনো বিধান পুনৰ বিজেপি দললৈ যায় তেতিয়া পুনৰ একে ঘটনা হ'ব ।