আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ ৫ জিলাত ১৭৩ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভৱিষ্যত…

আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ ৫ জিলাত ১৭৩ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভৱিষ্যত…

ডিজিটেল ডেস্কঃ মণিপুৰ বিধানসভা বাবে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ৩৮ খন আসনৰ বাবে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী তথা হিঙ্গাঙৰ বিজেপি প্ৰাৰ্থী এন বীৰেন সিঙে পুৱাই ইম্ফলৰ শ্ৰীৱান উচ্চ বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিছে। ভোটদান কৰিয়েই বীৰেন সিঙে সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।

মণিপুৰৰ পাঁচখন জিলা – ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, কাংপোকপি আৰু চুৰাচান্দপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ত মুঠ ১৭৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই ১৭৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে ১৫ গৰাকী মহিলা প্ৰাৰ্থী। কোৰোনা প্ৰ'টকল অনুসৰি আৰম্ভ হোৱা এই ভোটগ্ৰহণ সন্ধিয়া ৬ বজালৈকে অব্যাহত থাকিব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনৰ বহু কেইগৰাকী হাইপ্ৰফাইল নেতাৰ ভাগ্য নিৰ্ণয় হ'ব। এই হাই প্ৰফাইল নেতাসকলৰ মাজত আছে মুখ্যমন্ত্ৰী এন বীৰেন সিং, তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মী থমগাম বিশ্বজিৎ সিং, বিধানসভাৰ অধ্যক্ষ ৱাই খেমচান্দ সিং, উপ মুখ্যমন্ত্ৰী য়ুম্নাম জয়কুমাৰ আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি এন লোকেশৰ দৰে নেতা। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৫ মাৰ্চত অনুষ্ঠিত হ'ব।

ৰাজ্যখনত ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০ খন আসনৰ ভিতৰত মাত্ৰ ২১ খন আসন লাভ কৰিছিল। একে সময়তে, কংগ্ৰেছে ৰাজ্যখনৰ ২৮ খন আসন দখল কৰিছিল। ইয়াৰ পাছতো, কংগ্ৰেছে মণিপুৰত চৰকাৰ গঠন কৰিব নোৱাৰিলে। কংগ্ৰেছৰ কেইবাজনো বিধায়কে বিজেপিত যোগদান কৰিছিল। একে সময়তে, বিজেপিয়ে নেচনেল পিপলছ পাৰ্টি (এন পি পি)ৰ সমৰ্থনত চৰকাৰ গঠন কৰে। বৰ্তমান, মণিপুৰত কংগ্ৰেছৰ মাত্ৰ ১৩ জন বিধায়ক বাকী আছে। ৰাজ্যখনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ, যিকোনো দলে ৩১ খন আসন লাভ লাগিব।

উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে মণিপুৰত কেইবাটাও বিস্ফোৰণ সংঘটিত হৈছে। সেয়েহে নিৰ্বাচনী প্ৰক্ৰিয়া যাতে সুকলমে পাৰ হয়, কোনোধৰণৰ অঘটন সংঘটিত নহয় তাৰ বাবে প্ৰশাসনৰ লগতে সুৰক্ষা কাৰ্যত নিয়োজিত বাহনী সষ্টম হৈ আছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in