/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/manipur-13.jpg)
ডিজিটেল সংবাদ ৱাখাঃ মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ ইণ্ডো- ম্যানমাৰ সীমান্তত শনিবাৰে সন্দেহজনক পি এল এ বিদ্ৰোহীৰ চলোৱা ভয়ংকৰ এম্বুশত ৪৬ নং আছাম ৰাইফলছ এগৰাকী কামাণ্ডিং অফিচাৰ পত্নী- পুত্ৰসহ ৭ জন লোক নিহত হয় । জানিব পৰামতে পুৱা ১০ : বজাত ৪৬ নং ৰাইফলছ এগৰাকী বিষয়াৰ পত্নী-পুত্ৰসহ ৭ গৰাকী জোৱানে এখন বাহনেৰে গৈ থকাৰ সময়তে ম্যানমাৰ সীমান্তৰ চূড়াচান্দপুৰ জিলাৰ ছিংঘাত মহকুমাৰ ছেহকেন গাঁৱৰ সমীপত পূৰ্বৰ পৰা খাপ পিটি থকা সন্দেহজনক মণিপুৰ পিপলছ লিবাৰেচন আৰ্মি বিদ্ৰোহীয়ে সেনা বিষয়াৰ বাহনখনৰ ওপৰত ভয়ংকৰ গুলীবৰ্ষণ কৰে ।
এই ভয়ংকৰ আক্ৰমণত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ পত্নী আৰু ৯ বছৰীয়া পুত্ৰ আৰু আছাম ৰাইফলছৰ ৫ জন জোৱান থিতাতে নিহত হয় । লগতে আৰু দুজন জোৱানত আঘাত প্ৰাপ্ত হৈছে তেওঁলোকক চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে । নিহত জোৱান কেইজন ক্ৰমে কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী , মিছেছ অনুজা ত্ৰিপাঠী আৰু ছয় বছৰীয়া পুত্ৰ আবিৰ ত্ৰিপাঠী । অসমৰ সুমন স্বৰ্গীয়াৰী নাগালেণ্ডৰ খাটনেই কন্যাক, আৰ পি মীনা আৰু শ্যামল দাস । এই ঘটনাৰ পিছতে চূড়াচান্দপুৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
আনহাতে সেনাও অঞ্চলটোত বিদ্ৰোহী বিৰুদ্ধে বাতৰি লিখা পৰ্যন্ত অভিযান অব্যাহত ৰাখিছে। ইফালে বিদ্ৰোহীৰ এই আক্ৰমণক কাপুৰুষালি আখ্যা দিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। এই ঘটনাৰ তীব্ৰ গৰিহণা দি দোষীক কোনো ধৰণৰ ৰেহাই দিয়া নহব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে । মণিপুৰৰ ৰাজ্যপাল লা গণেশনেও বিদ্ৰোহী এই বৰ্বৰ আক্ৰমণক গৰিহণা দিছে ।
মণিপুৰৰ সেনাৰ বিষয়াৰ কনভয়ৰ ওপৰত সন্দেহজনক বিদ্ৰোহীয়ে এনেদৰে আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গভীৰভাৱে শোক প্ৰকাশ কৰি কৈছে দেশে পাঁচজন সাহসী জোৱান হেৰুৱালে । ছহিদ পৰিয়ালে শীঘ্ৰে ন্যায় পাব বুলি আশ্বাস দিয়ে । ইফালে বিৰোধী নেতা ৰাহুল গান্ধীয়ে মণিপুৰত আছাম ৰাইফলছ ওপৰত উগ্ৰপন্থীয়ে চলোৱা আক্ৰমণক গৰিহণা দি নৰেন্দ্ৰ মোদী চৰকাৰে দেশক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰিছে । উল্লেখযোগ্য মণিপুৰৰ ঘটনাৰ পিছতে সেনাই ম্যানমাৰ সীমান্তত উচ্চ সতৰ্কতা জাৰি কৰিছে ।