/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/nnnewssss-nigam-indiaiiacrnaupdate-news-3-copy.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰৰ বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিছে নাৰ্কটিকছ এণ্ড এফায়েৰ্ছ অৱ বৰ্ডাৰ চমুকৈ এনএবিয়ে। প্ৰায় ১ কিলোগ্ৰাম ওজনৰ ক্ৰিষ্টেল মেথামফেটামাইন নামৰ ড্ৰাগছ জব্দ কৰিছে এনবিয়ে। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২ কোটি টকা বুলি জানিব পৰা গৈছে।
ইফালে, এনএবিয়ে ড্ৰাগছ খিনিৰ লগতে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলাসহ চাৰিজন লোকক। জানিব পৰা মতে, এই ড্ৰাগছখিনি ম্যানমাৰৰ পৰা অনা হৈছিল। মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে টুইটাৰযোগে সদৰি কৰিছে এই কথা।