ডিমাপুৰত সেনা প্ৰধান এম এম নাৰৱানে…

ডিমাপুৰত সেনা প্ৰধান এম এম নাৰৱানে…

author-image
asomiyapratidin
New Update
ডিমাপুৰত সেনা প্ৰধান এম এম নাৰৱানে…

ডিজিটেল সংবাদ , ৱাখাঃ উত্তৰ পূৰ্বাঞ্চলৰ শেহতীয়া সুৰক্ষা পৰিস্থিতি পৰ্যালোচনা আৰু পৰিদৰ্শন উদ্দেশ্য দুদিনীয়া ভ্ৰমণৰে স্থলসেনা প্ৰধান এম এম নাৰৱানে সেনাৰ বিশেষ বিমানেৰে আহি শুকুৰবাৰে ডিমাপুৰত উপস্থিত হয় । সেনাৰ থ্ৰিক'ৰৰ ডিমাপুৰৰ মুখ্য কাৰ্যালয়ত সেনা প্ৰধান নাৰৱানে ডিভিজন কামাণ্ডাৰ আৰু জেনেৰেল অফিচাৰ্ছ কামাণ্ডিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অৰুণাচল প্ৰদেশ উত্তৰ সীমান্তৰ এল অ' চি আৰু উত্তৰ পূৰ্বাঞ্চলৰ শেহতীয়া সুৰক্ষা পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে।

Advertisment

তদুপৰি তেওঁক জি অ চি জেনেৰেল জন মেথিউজে বৰ্তমানৰ সুৰক্ষা স্থিতি আৰু চীনৰ সৈতে থকা উত্তৰ সীমা পৰিচালনা প্ৰস্তুতি সম্পৰ্কে অৱগত কৰায় । সেনা প্ৰধান নাৰৱানে চি অ এছত উৎকৃষ্ট নিৰীক্ষণ বৰ্তাই ৰখাৰ বাবে সেনাৰ প্ৰতিটো বিভাগ প্ৰসংশা কৰাৰ লগতে এল অ' চিত সকলো ধৰণৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ সেনা বাহিনীক আহবান জনায় ।

উল্লেখযোগ্য যে কোৰোণাৰ মহামাৰীৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষা স্থিতি বুজ লবলৈ স্থল সেনা প্ৰধান গৰাকীয়ে নাগালেণ্ড ভ্ৰমণ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।