/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/r-n-robi.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ বিগত আঠদশকজোৰা নগা ৰাজনৈতিক আৰু বিদ্ৰোহী সমস্যা ওৰ পেলোৱাৰ উদ্দেশ্য ভাৰত চৰকাৰৰ সৈতে চলি থকা অন্তিম পৰ্যায়ৰ নগা আলোচনাৰ কালি ডিমাপুৰৰ অন্ত পৰিছে । এন এছ চি এন আই এমৰ শীৰ্ষ নেতা অ'টকিলোনচাৰ থুইগালেং মুইভা আৰু নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপৰামৰ্শদাতা আৰ এন ৰবি মাজত ডিমাপুৰৰ চুমুকেডিমা আৰক্ষী ছাউনীত হোৱা দুদিনীয়া গোপন তথা ৰুদ্ধদাৰ বৈঠকত নগালিমৰ সুকীয়া পতাকা , সংবিধান নগা অধ্যুষিত এলেকাৰ একত্ৰিকৰণ দৰে গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয়ত ওপৰত আলোচনা হয় । এন এছ চি এনৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে ৰবিৰ সৈতে হোৱা বৈঠক দুটা পৰ্যায়ত হয় । প্ৰথম বৈঠক এন এছ চি এনৰ সাধাৰণ সম্পাদক থুইগালেং মুইভা আৰু ৰবিৰ মাজত অনুষ্ঠিত হয় । পৰৰ্ৱতী বৈঠক এন এছ চি এনৰ সদস্যৰে গঠিত সামূহিক নেতৃত্বতৰে হয় । অৱশ্যে তেওঁলোকৰ মাজত হোৱা বৈঠকত কি কি বিষয় চৰ্চা হল বা আলোচনাৰ অগ্ৰগতি সন্দৰ্ভত দুয়োপক্ষই সম্প্ৰতি মুখ খোলাৰ পৰা বিৰত থাকি গোপনীয়তা অৱলম্বন কৰে ।
উল্লেখযোগ্য নতুন দিল্লীৰ পিছত নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে এয়া ২০০৭ চনৰ পিছত প্ৰথমবাৰৰ নগাভূমিৰ ডিমাপুৰৰত এন এছ চি এন( আই এম) ৰে শান্তি আলোচনা অনুষ্ঠিত হয় । উল্লেখযোগ্য ২০১৫ চনৰ ৩ আগষ্টত ফ্ৰেৰ্মৱক এগ্ৰিমেণ্ট স্বাক্ষৰিত হোৱাৰ পিছত বিগত ৩ বছৰ অতিক্ৰম কৰিলে যদিও এন এছ চি এন আইএম আৰু ভাৰত চৰকাৰ অন্তিম সমাধানত উপনীত হব পৰা নাই । নগা সমস্যাৰ অন্তিম সমাধানত অহেতুক বিলম্ব ক্ষুন্ন হৈ এন এছ চি এনে অসন্তুষ্ট প্ৰকাশ আৰু সমাগত লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ আহি যোৱা সোমবাৰে আৰ এন ৰবি আলোচনাৰ বাবে আহি ডিমাপুৰত উপস্থিত অতি গুৰুত্বপূৰ্ণ ৰুদ্ধদাৰ বহে । অৱশ্যে পৰৱৰ্তী সময়তহে গম পোৱা যাব নগা শান্তি আলোচনাত কি কি বিষয়ত চৰ্চা হয় ।