/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/978b8eef-d553-4114-8992-d3e1ffce8ed1.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ সমগ্ৰ বিশ্বজুৰি কোৰোনা মহামাৰীয়ে সন্ত্ৰস্ত কৰাৰ সময়ত ভাৰত চৰকাৰে ইষ্টাৰ্ণ নাগালেণ্ড, ম্যানমাৰৰ ছাগাইঙি আৰু মণিপুৰৰ নগা বসতি এলেকাত সামৰিক বাহিনীৰ অভিযান চলাই যুদ্ধ বিৰতি চুক্তিৰ নিয়ম আৰু মানাৱাধিকাৰ উলংঘা কৰাৰ বিৰুদ্ধে হস্তক্ষেপ বিচাৰি সম্প্ৰতি নগা হোহোৱে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেলৈ পত্ৰ প্ৰেৰণ কৰা বিষয়টোৱে আন্তৰ্জাতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/520e4627-09b9-4efa-a585-de4ac3e184b3.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/99c0976e-a93d-403e-be32-5e74f8761287.jpg)
যোৱা সোমবাৰে নগা জাতিৰ সবোৰ্চ্চ সংগঠন নগা হোহোৰ অধ্যক্ষ এইচ কে ঝিমমি আৰু প্ৰধান সচিব কে এলু নডাঙৰ দ্বাৰা স্বাক্ষৰিত পত্ৰত এই বুলি অভিযোগ উত্থাপিত কৰিছে যে কোভিড মহামাৰী সংক্ৰমণ ৰোধৰ বাবে বৰ্তমান দেশজুৰি লকডাউন চলি থকাৰ সময়তে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ম্যানমাৰ উত্তৰ পশ্চিম অঞ্চল আৰু মণিপুৰৰ নগা অধ্যুষিত এলেকাত সুৰক্ষা স্থিতি দ্ৰুতগতিত অৱনতি ঘটাত গভীৰভাৱে উদিগ্ন হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/2fae226d-5c1d-471b-8ca7-9cc0ce5ddff9.jpg)
এই অঞ্চল সমূহত ভাৰতীয় সেনাৰ যুদ্ধ বিৰতি চুক্তি নিয়ম আৰু মানৱাধিকাৰ উলংঘন বন্ধ কৰিবলৈ ৰাষ্ট্ৰসংঘক হস্তক্ষেপৰ আহবান জনায়। নগা হোহোৱে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেচক ভাৰতীয় সেনাৰ সামৰিক বাহিনীৰ অভিযান বন্ধ কৰিবলৈ আৰু নগা ৰাজনৈতিক সমস্যাটোৰ সমাধান ৩ আগষ্ট ২০১৫ চনৰ ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ আধাৰত সন্মানজনক তথা স্বীকাৰ্য সমাধানৰ বাবে নিৰ্দেশ দিব বাবে আহ্বান জনায়। নগা হোহোৱে কয়- ১ আগষ্ট, ১৯৯৭ চনত এনএছচিএন আই এমে আষ্টাৰ্ডামত ভাৰত চৰকাৰৰ সৈতে আনুষ্ঠানিকভাৱে যুদ্ধ বিৰতি চুক্তি নিম্নলিখিত চৰ্তত স্বাক্ষৰিত কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/890cb245-8f04-4afe-9048-0b1be8b18b01.jpg)
নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ আলোচনা বিনাচৰ্তে, প্ৰধানমন্ত্ৰী পৰ্যায়ত আৰু তৃতীয় ৰাষ্ট্ৰত হোৱাৰ চৰ্তৰে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ হৈছিল। কিন্তু বিগত ২৩ বছৰীয়া শান্তি আলোচনাৰ কালচোৱাত ২০১৫ চনৰ ৩ আগষ্টত ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ জৰিয়তে ভাৰত চৰকাৰে নগাসকলৰ অতুলনীয় আৰু অদ্বিতীয় ইতিহাসক স্বীকৃতি প্ৰদান কৰা পিছতো সম্প্ৰতি ভাৰত চৰকাৰে সামৰিক বাহিনীৰ অভিযান চলাই যুদ্ধ বিৰতি চুক্তিৰ গ্ৰাউণ্ডৰুল আৰু মানৱাধিকাৰ উলংঘন কৰিছে। ভাৰত চৰকাৰে নগা ৰাজনৈতিক সমস্যা সমাধান সামৰিক সমাধানৰ বুলি ভাবিবলৈ লোৱাটো দুৰ্ভাগ্যজনক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/94433ddf-84c9-4afe-a236-f82de15e5d07-1024x472.jpg)
পত্ৰত নগা হোহোৱে আৰু উল্লেখ কৰিছে যে- ভাৰত আৰু ম্যানমাৰ সেনাই যৌথভাৱে সামৰিক বাহিনীৰ অভিযান চলাই ইণ্ডো ম্যানমাৰ সীমান্তত নিৰ্দোষী গাঁওবাসীক আতংকিত কৰি তুলিছে। তদুপৰি ইণ্ডো – ম্যানমাৰ সীমান্তত বহৎ সংখ্যক সামৰিক বাহিনীৰ মোতায়নে অঞ্চলটো যুদ্ধ উত্তেজনা বৃদ্ধি কৰিছে। এফালে কোভিড-১৯ মহামাৰী ভয় আনফালে সামৰিক বাহিনীৰ যুদ্ধ সদৃশ পৰিবেশে অঞ্চলটোত নগা গাঁওবাসীক সন্ত্ৰস্ত কৰি ৰাখিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/df4afa61-06a1-431c-8e77-b757f72cddeb-508x1024.jpg)
গতিকে নগা হোহোৱে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছক ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ ঘোষণাপত্ৰৰ আধাৰত ভাৰত চৰকাৰক সামৰিক বাহিনীৰ অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ দিবলৈ আৰু ৩ আগষ্ট ২০১৫ চনৰ ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ আধাৰত নগা ৰাজনৈতিক সমস্যাটোৰ সমাধান কৰিবলৈ আহবান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/6e915d2e-8aae-43ca-b497-355bc567fbd8.jpg)