প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী লাপাং হ’ব মেঘালয় চৰকাৰৰ মুখ্য উপদেষ্টা

প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী লাপাং হ’ব মেঘালয় চৰকাৰৰ মুখ্য উপদেষ্টা

author-image
asomiyapratidin
New Update
প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী লাপাং হ’ব মেঘালয় চৰকাৰৰ মুখ্য উপদেষ্টা

ডিজিটেল সংবাদ, শ্বিলংঃ কংগ্ৰেছ ত্যাগ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাং হ'ব মেঘালয় চৰকাৰৰ মুখ্য উপদেষ্টা। বৃহস্পতিবাৰে মেঘালয় চৰকাৰে এই কথা সদৰী কৰে। এই অনুযায়ী ৫বাৰকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা লাপাঙে কনৰাড চাংমা চৰকাৰৰ কেবিনেট মৰ্যাদাৰ লগতে একাধিক সা-সুবিধা।

আজিৰ কনৰাড চাংমা চৰকাৰৰ এই ঘোষণাৰ পিছতে ৰাজ্যখনৰ বৰ্ষীয়ান নেতাগৰাকীয়ে শীঘ্ৰে নেশ্যনেলিষ্ট পিপ'লছ পাৰ্টী চমুকৈ এনপিপিত যোগ দিয়াতো প্ৰায় নিশ্চিত হৈ পৰিছে। শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ তুলি কংগ্ৰেছ ত্যাগ কৰাৰ পিছৰে পৰা কোনো ৰাজনৈতিক দলত যোগ দিয়া নাছিল জ্যেষ্ঠ নেতাগৰাকী।

উল্লেখ্য যে, ১৯৯২ চনত প্ৰথমবাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল লাপাং। ইয়াৰ পিছত পুনৰ ২০০৩, ২০০৭, ২০০৮ আৰু ২০০৯চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। ২০০৮ চনত মাত্ৰ ১০ দিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহে লাপাং।

কংগ্ৰেছ নেতৃত্বৰে হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত শেহতীয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পৰা বিৰতা থকা লাপাঙে এনেদৰে কনৰাড চাংমা চৰকাৰৰ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হোৱাটোৱে ৰাজ্যখনৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।