শীঘ্ৰে মণিপুৰত গঠন হ’ব কুকি টেৰিটৰিয়েল কাউন্সিল, নতুন দিল্লীত ভাৰত চৰকাৰৰ ত্ৰিপাক্ষীক বৈঠক

শীঘ্ৰে মণিপুৰত গঠন হ’ব কুকি টেৰিটৰিয়েল কাউন্সিল, নতুন দিল্লীত ভাৰত চৰকাৰৰ ত্ৰিপাক্ষীক বৈঠক

author-image
asomiyapratidin
New Update
শীঘ্ৰে মণিপুৰত গঠন হ’ব কুকি টেৰিটৰিয়েল কাউন্সিল, নতুন দিল্লীত ভাৰত চৰকাৰৰ ত্ৰিপাক্ষীক বৈঠক

ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ নগা জনজাতীয় এলেকাত বসবাস কৰা কুকিসকলৰ ৰাজনৈতিক সমস্যা সমাধানৰ বাবে যোৱা মঙলবাৰে ৰাজধানী নতুন দিল্লীৰ হোটেল অশোকত মণিপুৰ চৰকাৰ, ভাৰত চৰকাৰ, কুকি ইউনাইডেট পিপলছ ফ্ৰণ্ট আৰু কুকি নেচনেল অৰ্গেনাইজেচনৰ মাজত এখন ত্ৰিপাক্ষীক বৈঠক অনুষ্ঠিত হয়। বৈঠক দকশজোৰা কুকি ৰাজনৈতিক সমস্যা সমাধানৰ বাবে শীঘ্ৰে কুকি টেৰিটৰিয়ল কাউন্সি গঠন কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হয়।

উল্লেখযোগ্য যে কুকি ৰাজনৈতিক আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী এ বি মাথুৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত কুকি নেচনেল অৰ্গেনাইজেচন আৰু ইউ পি এফে তেওঁলোকৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যা সমাধানৰ দাবী চনদ দাখিল কৰে। জানিব পৰামতে ভাৰত চৰকাৰৰ সৈতে হ'ব লগা পৰৱৰ্তী বৈঠকত কুকিসকলৰ ভৌগোলিক পৰিসীমাৰ সন্দৰ্ভত বিস্তৃত আলোচনা হ'ব। উল্লেখযোগ্য যে, ২০১৮ চনৰ ১০ জানুৱাৰী অনুষ্ঠিত ষষ্ঠ লানি আলোচনাত কুকিসকলৰ বাবে সুকীয়া টেৰিটৰিয়েল কাউন্সি গঠনৰ ত্ৰিপাক্ষীক চুক্তি স্বাক্ষৰিত হৈছিল।

এই চুক্তিত কুকি ইউনাইডেট ফ্ৰণ্ট আৰনন কিপগেন আৰু কুকি নেচনেল অৰ্গেনাইজেচনৰ ড০ শৈলেন হাউকিপে স্বাক্ষৰ কৰিছিল। আনহাতে যোৱা মঙলবাৰে অনুষ্ঠিত আলোচনাত মণিপুৰ চৰকাৰৰ ড০ ইবমছা সিঙ, ইউ পি এফ, কে এন অ'ৰ নেতাসকল আৰু ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী এ বি মাথুৰে ভাগ লয়।

ইফালে মণিপুৰৰ নগা বসতি এলেকাত কুকি টেৰিটৰিয়েল কাউন্সিল গঠনৰ ভাৰত আৰু মণিপুৰ প্ৰস্তাৱক তীব্ৰ বিৰোধিতা কৰিছে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে। মঙলবাৰে এন এছ চি এন আই এমৰ ডিমাপুৰস্থিত হেব্ৰুনৰ মুখ্য কাৰ্যালয়ৰ পৰা গৰ্ভমেন্ট অৱ পিপলছ ৰিপাবলিক অৱ নাগালেণ্ড চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এক প্ৰেছবাৰ্তা জাৰি কৰি কৈছে যে, কুকিসকলৰ নিজৰ ভূমিত টেৰিটৰিয়েল কাউন্সিল গঠন কৰাত কাৰো আপত্তি নাই কিন্তু মণিপুৰত বসবাস কৰা নগাসকলক দমন কৰিবলৈ নগা অধ্যুষিত অঞ্চলত এনেদৰে টেৰিটৰিয়েল কাউন্সিল গঠন কৰিবলৈ তেওঁলোক অনুমতি নিদিয়ে।

প্ৰেছবাৰ্তাত কোৱা হয় যে, কিছুলোকে নগাসকলৰ ইতিহাস বিকৃত কৰিবলৈ চেষ্টা কৰি আহিছে। ১৯৫৮ চনত ভাৰত চৰকাৰে বাৰ্মাৰ পৰা অনা কুকিসকলক উদাৰতাৰ পৰিচয় দি মণিপুৰৰ নগা অঞ্চলত শৰণাৰ্থী হিচাপে আশ্ৰয় দিছিল। ইয়াৰ পিছত ১৯৬৩ আৰু ১৯৮৮ চনতো ম্যানমাৰ পৰা হাজাৰ হাজাৰ কুকিলোক আহি আশ্ৰয় লয়। সম্প্ৰতি তেওঁলোকে নগাসকলক খেদি নিজৰ কুকি মাতৃভূমি গঠন কৰিব বিচাৰে।

এন এছ চি এনে ভাৰত আৰু মণিপুৰৰ চৰকাৰক এই কথা স্পষ্ট কৰি দিছে যে, নগাসকল সদায় তেওঁলোকৰ নিজৰ ভূমিত বসবাস কৰি আহিছে। আনৰ ভূমিত নহয়। নগাসকল হল তেওঁলোকৰ ভূমিৰ মালিক। আনহাতে নগাসকলৰ ইতিহাস, ৰাজনীতি, সংস্কৃতি পৰম্পৰা সামাজিকতা ভূমি ওপৰত আধাৰিত। গতিকে নগাসকলক কোনেও নিজৰ পৈতৃক ভূমিৰ পৰা উচ্ছেদ কৰি আৰু এই পৈতৃক ভূমিত অন্যৰ টেৰিটৰিয়েল কাউন্সিল গঠন কৰিবলৈ অনুমতি নিদিয়ে। এন এছ চি এনে চৰকাৰক এনেদৰে কুকিসকলক সন্তুষ্ট কৰিবলৈ গৈ নগাসকলৰ সৈতে ৰাজনীতি খেল নেখেলিবলৈ সকীয়াই দিছে।