সেনাৰ গণহত্যাৰ প্ৰতিবাদ অব্যাহতঃ কন্যাক জনগোষ্ঠীৰ ৭ দিনীয় শোক, সেনাৰ চকী স্থাপনৰ প্ৰথাগত ভূমি চুক্তি বাতিল…

সেনাৰ গণহত্যাৰ প্ৰতিবাদ অব্যাহতঃ কন্যাক জনগোষ্ঠীৰ ৭ দিনীয় শোক, সেনাৰ চকী স্থাপনৰ প্ৰথাগত ভূমি চুক্তি বাতিল…

author-image
asomiyapratidin
New Update
সেনাৰ গণহত্যাৰ প্ৰতিবাদ অব্যাহতঃ কন্যাক জনগোষ্ঠীৰ ৭ দিনীয় শোক, সেনাৰ চকী স্থাপনৰ প্ৰথাগত ভূমি চুক্তি বাতিল…

ডিজিটেল সংবাদ ৱাখাঃ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰতি কঠোৰ হৈছে নাগালেণ্ডৰ ম'ন জিলাৰ কন্যাক নগাসকল । যোৱা ৪ আৰু ৫ ডিচেম্বৰত অটিঙত সেনাৰ দ্বাৰা সংঘটিত গণহত্যাৰ প্ৰতিবাদত মঙ্গলবাৰে ম'নৰ বাপ্তিষ্ট গিৰ্জাত হাজাৰ হাজাৰ লোকে মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি ৭ দিনীয়া জাতীয় শোকপালন কৰে । কন্যাক চিভিল ছ'চাইটি ,কন্যাক ইউনিয়ন ,কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ যৌথ উদ্যোগত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত অটিঙৰ গণহত্যাত বলি হোৱা নিৰীহ লোকসকলৰ ন্যায় প্ৰাপ্তি আৰু দাবী পূৰণ নোহোৱা পৰ্যন্ত এই ধাৰাবাহিক আন্দোলন চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই যৌথক বৈঠকত চাৰি দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰিব কন্যাক জনসাধাৰণক আন্দোলন অব্যাহত ৰাখিবলৈ আহবান জনায় । বৈঠকৰ অন্তত দিয়া যৌথ বিবৃতিত কন্যাক ইউনিয়নৰ সভাপতি – সম্পাদক এছ ছৱঙি আৰু ৱাঙগো কন্যাকে কয় যে অহা ১৬ ডিচেম্বৰত সমগ্ৰ ম'ন জিলাত অটিঙৰ সেনাৰ গণহত্যাৰ প্ৰতিবাদত জিলাত প্ৰতিবাদী জনসভা অনুষ্ঠিত কৰা হ'ব । সেইদিনা প্ৰতিখন গাড়ীত ক'লা পতাকা উত্তোলন আৰু ক'লা বেজ পৰিধান কৰা হ'ব। ভুক্তভোগী পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত ম'ন জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, স্কুল- কলেজত ক'লা পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব ।

এই সময়চোৱাত সকলো ধৰণৰ বিনোদনমূলক উৎসৱ উদযাপন কৰাৰ পৰা বিৰত থাকিব । ম'ন জিলাৰ কন্যাক লোকসকলে ভাৰতীয় সশস্ত্ৰ বাহিনীৰক অসহযোগ কৰিব । তদুপৰি ন্যায় নোপোৱা পৰ্যন্ত ম'ন জিলাত সেনা বাহিনীৰ তহল নিষিদ্ধ ঘোষণা কৰা হৈছে । তদুপৰি সেনাই পতা নিযুক্তি সমাবেশত কোনো কন্যাক নগা যুৱক যুৱতীয়ে অংশগ্ৰহণ নকৰে । ম'ন জিলাত প্ৰথাগত ভূমি মালিকৰ অধীনত এলেকাত স্থাপন কৰা সেনাৰ চকী আৰু অপৰেটিঙ পইণ্টৰ বাবে নাগিনীমৰা , টিজি , লাম্পঙ, ছিয়াংঘা ৱাকচিঙ, মন টাউন, লংছেন, ৱামছা ছেনমহ, ছেনমলৈছু ,ৱাটিঙ, আবৈ , টাবু সেনা বাহিনীৰ শিবিৰ বাতিল কৰা , তিৰুত পাঁচ দিনৰ এখন আৰক্ষী থানা স্থাপন কৰা, অটিঙৰ সেনাৰ ভয়ংকৰ এম্বুশ বাছি যোৱা দুই আহত যুৱকৰ দায়িত্ব ৰাজ্য চৰকাৰে লোৱা , সেনাৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰা , সেনাই দিয়া উন্নয়নমূলক সাহাৰ্য পেকেজ গ্ৰহণ নকৰা আদি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

ইফালে ডিমাপুৰতো কন্যাক ইউনিয়ন ডিমাপুৰে অটিঙৰ গণহত্যাৰ প্ৰতিবাদত ৭ দিনীয়া শোকপালন কৰিছে । উল্লেখযোগ্য যে নাগালেণ্ডৰ মন জিলাৰ অটিঙৰ ১৪ নিৰীহ নাগৰিকৰ গণহত্যাৰ বিৰুদ্ধে চৰকাৰী পক্ষ আৰু সেনাৰ কোনো তদন্ত কিমান দূৰ আগবাঢ়িছে সেই সন্দৰ্ভত এতিয়াও সম্পূৰ্ণ ৰহস্যময় হৈ আছে । যাৰ ফলত নাগালেণ্ডৰ আটাইতকৈ বৃহৎ কন্যাক জনগোষ্ঠীৰ নগাসকলৰ মন জিলা পৰিস্থিতি ক্ৰমাৎ জটিল হোৱাৰ সম্ভাৱনা আছে । সম্ভৱত বৰদিনৰ পিছতে সমগ্ৰ নাগালেণ্ডত অটিঙৰ সেনাৰ গণহত্যাৰ ন্যায় , সেনাৰ ৰাজহুৱাকৈ শাস্তি আৰু আফস্পা আইনৰ বাতিলৰ দাবীত ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি জানিব পৰা গৈছে ।