কোহিমা দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ শীৰ্ষ ১০ত…

কোহিমা দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ শীৰ্ষ ১০ত…

author-image
asomiyapratidin
New Update
কোহিমা দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ শীৰ্ষ ১০ত…

কোহিমা দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ শীৰ্ষ ১০ টা স্থানত….

ডিজিটেল ডেস্কঃ দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ ভিতৰত শীৰ্ষ ১০ নং স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাই। শুক্ৰবাৰে নতুন দিল্লীত স্মাৰ্ট চিটি মিছন, এ এম আৰ ইউ টি আৰু পি এম এ ৱাই (নগৰ) ৰ ষষ্ঠ বাৰ্ষিকী উদযাপনৰ সময়ত দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা এক মাত্ৰ কোহিমাই স্থান লাভ কৰিছে।কোহিমাই দেশৰ আন দুখন চহৰ ৰাইপুৰ আৰু থানেৰ সৈতে এই স্থান দখল কৰিছে।

Advertisment

ক্লিক কৰি পঢ়কঃ৩৭০ নিদিলে ৩৭১ অনুচ্ছেদ দিয়কঃ দাবী কাশ্মীৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীৰ

এক চৰকাৰী বিবৃতিত কোৱা হৈছে, কোহিমা স্মাৰ্ট চিটিৰ সৈতে তথ্য ভাগ বতৰা কৰাৰ বিভাগসমূহৰ ইচ্ছাক প্ৰশংসা কৰা হৈছে। কোহিমাক সঁচাকৈয়ে সংযোজিত ডাটা স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন বিভাগ আৰু নাগৰিকৰ নিৰন্তৰ সক্ৰিয় অংশগ্ৰহণ প্ৰয়োজনীয় হব।

উল্লেখ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰীত স্মাৰ্ট চিটি মিছনে 'ডাটা স্মাৰ্ট চিটি'ৰ ৰণনীতি আৰম্ভ কৰিছিল। যিয়ে দেশৰ ১০০ খন চহৰত কঠিন নগৰীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ তথ্য ব্যৱহাৰ কৰাৰ বাবে এক ৰোডমেপ হিচাপে কাম কৰে।

চহৰসমূহক তেওঁলোকৰ ডাটা আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ আৰু তথ্যৰ ওপৰত ডাটা স্মাৰ্ট চিটি মিছনে তৎপৰতা আৰু পৰিপক্কতা মূল্যংকন কৰাত সহায় কৰিবলৈ ডাটা ম্যাদপুৰ্তি মূল্যায়ন ফ্ৰেমৱৰ্ক (data maturity assessment framework 2.0)ও আৰম্ভ কৰিছিল।

১০০ খন স্মাৰ্ট চিটি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত DMAF ৰ চাইকেল দ্বিতীয়ই চহৰসমূহৰ প্ৰশাসন, সৱলীকৰণ, সুৰক্ষা, সহযোগিতা, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত চহৰখনৰ চাৰিওফালে শক্তিশালী নীতি প্ৰণালীৰ উপস্থিতিৰ ওপৰত আধাৰ কৰি বিশ্লেষণ কৰিছিল। ইয়াৰ উপৰিও মহানগৰৰ তথ্য নীতিৰ বিকাশত নিৰ্দেশনা দিয়া, ডাটা প্ৰশাসন পৰিচালনা কৰা, আন্তঃবিভাগীয় আৰু আন্তঃসংস্থা তথ্য বিনিময় কৰা আৰু চহৰৰ ডাটা মিত্ৰতা গঢ়ি তোলা ক্ষমতাশালী মহানগৰ বিষয়াসকলৰ উপস্থিতিৰ ওপৰত আধাৰ কৰি এই বিশ্লেষণ কৰা হৈছিল।