/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/kohima-firing-update-news.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ লকডাউনৰ মাজতে আজি বিয়লি নাগালেণ্ডৰ ৰাজধানী ক'হিমাত দিনদুপৰতে এগৰাকী ব্যৱসায়ীৰ পৰা দাবী কৰা ধন নিবলৈ অহা এটা দুৰ্বত্তক গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। কহিমা আৰক্ষী অধীক্ষক কেভিথু ছফিয়ে জনোৱা মতে দুপৰীয়া বিয়লি চাৰে তিনিবজাত ক'হিমাৰ পুৰণা বিধায়ক অবাসৰ ক্লাচিক ক্লাবৰ গেটৰ সন্মুখত এগৰাকী দোকানীৰ পৰা দুজন অস্ত্ৰধাৰী যুৱকে নগা বিদ্ৰোহী এন এছ চি এন কেৰ নামত দাবী কৰা ধন নিবলৈ আহে। এই খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছত আৰক্ষীয়ে গোপন অভিযান চলাই কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে।
লগে লগে এগৰাকী দুৰ্বৃত্ত পলায়ন কৰে। আনজন দুৰ্বৃত্তক আৰক্ষীয়ে মাটিত বগৰাই অস্ত্ৰ কাঢ়ি লোৱাৰ সময়ত ডিঙিৰ বাওঁফালে গুলী লাগি মৃত্যু হয়। আৰক্ষীয়ে এই দুৰ্বৃত্ত দুটাৰ এটাৰ নাম খেহটো আছুমী আৰু আনজনৰ নাম এয়টো অৱমী বুলি চিনাক্ত কৰিছে। আৰক্ষীয়ে দুৰ্বৃত্তৰ পৰা এটা পিষ্টল জব্দ কৰিছে।