ক’হিমাত অস্ত্ৰসহ এন এছ চি এন মুইভা গোটৰ ৫ শীৰ্ষ কেডাৰ গ্ৰেপ্তাৰ…

ক’হিমাত অস্ত্ৰসহ এন এছ চি এন মুইভা গোটৰ ৫ শীৰ্ষ কেডাৰ গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
ক’হিমাত অস্ত্ৰসহ এন এছ চি এন মুইভা গোটৰ ৫ শীৰ্ষ কেডাৰ গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ , ৱাখাঃ ক'হিমা আৰক্ষীয়ে সেনাৰ সৈতে আজি এক যুটীয়া অভিযান চলাই নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটৰ পাঁচজন শীৰ্ষ কেডাৰক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে । ক'হিমা আৰক্ষীয়ে জনোৱা মতে আজি এন এছ চি এনৰ দলটোৱে টছেমিনিউ অঞ্চলৰ পৰা পূৰ্বে দাবী কৰা কৰ সংগ্ৰহ কৰিবলৈ অহাৰ খবৰ লাভ কৰা পিছত আৰক্ষীয়ে – সেনাৰ সৈতে অভিযান চলায় ।

লগে লগে আৰক্ষীয়ে দলটোৱে অবৈধ মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ধনদাবী কৰাৰ অভিযোগত বিদ্ৰোহী কেইজনক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা এন এছ চি এনৰ শীৰ্ষ কেডাৰ কেইজন হ'ল কেপ্তেইন টেনয়েনছেঙ ছেব , ছাৰ্জেণ্ট মেজৰ ছমিঙগান চাঙ , ছমিৰিন টাংখুল , কেপ্তেইন বপাই কন্যাক আৰু মেজৰ নগাবাঙবুউ ৱিজুনমাই ।

তেওঁলোকৰ পৰা সেনা – আৰক্ষীয়ে ৮৪ খন ধনদাবী পত্ৰ , ২টা পইন্ট ৩২ পিষ্টল, ১০ ৰাউণ্ড সজীৱ গুলী , পাঁচটা মবাইল হেণ্ডচেট আৰু এখন এন এল- ০৩ ,১৭৬৯ নম্বৰ এখন মাৰুতি জিপচি জব্দ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে পাঁচজন কেডাৰৰ বিৰুদ্ধে টছেমিনিউ থানাত ০৮/২০২০ নম্বৰত গোচৰ পঞ্জীয়ন কৰি বিশদ তদন্ত আৰম্ভ কৰিছে ।