/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/D0PiRw0VAAEF6aw.jpg)
ডিজিটেল ডেস্কঃ অৰুণাচলপ্ৰদেশত বৰ্তমান এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। স্থায়ী নিবাসৰ প্ৰমাণপত্ৰ (পিআৰচি) সন্দৰ্ভত বৰ্তমান ৰাজ্যখনত প্ৰতিবাদ চলাই থকা হৈছে। অৰুণাচলৰ এই পৰিস্থিতিক লৈ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়- 'অৰুণাচল প্ৰদেশ চৰকাৰে সৰ্বসাধাৰণৰ সৈতে সঠিকভাৱে আলোচনা কৰিব পৰা নাছিল। ৰাইজে ভাবিবলৈ আৰম্ভ কৰিলে যে স্থায়ী নিবাসৰ প্ৰমাণপত্ৰ জাৰি কৰা হ'ব। মই ৰাজ্য চৰকাৰক নিৰ্যাতিত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছো।'