এনএছচিএন (আইএম)ৰ উপাধ্যক্ষ খুলে কন্যাকৰ দেহাৱসান

এনএছচিএন (আইএম)ৰ উপাধ্যক্ষ খুলে কন্যাকৰ দেহাৱসান

author-image
asomiyapratidin
New Update
এনএছচিএন (আইএম)ৰ উপাধ্যক্ষ খুলে কন্যাকৰ দেহাৱসান

ডিজিটেল ডেস্কঃ এনএছচিএন (আইএম)ৰ উপাধ্যক্ষ খুলে কন্যাকৰ শেষ নিশ্বাস ত্যাগ। বাৰ্ধ্যকজনিত কাৰণত বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান বিদ্ৰোহীগৰাকীয়ে। অবিভক্ত এনএছচিএনৰ সেনাপ্ৰধান আছিল কন্যাক। ১৯৮৮ চনত এনেছচিএন বিভক্ত হোৱাৰ পিছত এনএছচিএন(কে)ৰ উপাধ্যক্ষৰ পদত স্থলাভিষিক্ত হৈছিল কন্যাক।

২০১১ চনত এনএছচিএন(কে)ৰ পৰা ফালৰি কাটি আহিল কন্যাকে এনএছচিএন(ইউ) গঠন কৰে। ২০১৬ চনত পুনৰ এনএছচিএন (আইএম)লৈ ওভতে কন্যাক।

ইয়াৰ পিছত বয়োজ্যেষ্ঠ নগা বিদ্ৰোহী নেতাগৰাকীক এনএছচিএন (আইএম)এ উপাধ্যক্ষ পদত স্থলাভিষিক্ত কৰে। এনএছচিএন (আইএম)ৰ অধ্যক্ষ ইছাক চিছি শ্বুৰ মৃত্যুৰ পিছত ভাৰত চৰকাৰৰ আলোচনা আগবঢ়াই নিয়াত মুইভাৰ সৈতে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল খুলে কন্যাকে।